ETV Bharat / international

Hawaii wildfire : আমেৰিকাত শতিকাৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড, মৃতকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি

হাৱাই দ্বীপৰ মাউই চহৰ একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে । বনজুইয়ে নিঃশেষ কৰি পেলাইছে চহৰখনৰ এটা বৃহৎ অংশ । বনজুইৰ ফলত এতিয়ালৈ ৮৯ গৰাকী লোকৰ মৃত্যু ।

author img

By

Published : Aug 13, 2023, 11:09 AM IST

Hawaii wildfire
আমেৰিকাত শতিকাৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ আগষ্ট : বনজুইৰ কৱলত পৰিছে আমেৰিকাৰ মাউই চহৰ । ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এতিয়ালৈ চহৰখনত প্ৰায় ৮৯ গৰাকী লোকৰ মৃত্যু হৈছে । আমেৰিকাত যোৱা শতিকাটোৰ ভিতৰতে আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড হিচাপে পৰিগণিত হৈছে । উত্তৰ কেলিফৰ্ণিয়াত ২০১৮ চনত কেম্প ফায়াৰৰ ফলত প্ৰায় ৮৫ গৰাকী লোকৰ মৃত্যু হৈছিল । সেই সংখ্যাও ইতিমধ্যে অতিক্ৰম কৰিছে মাউই চহৰৰ বনজুয়ে ।

প্ৰথমে শুকান হাবিত জুইৰ সূত্ৰপাত হয় । লাহে লাহে এই বনজুই জনাঞ্চলৰ ফালে আগবাঢ়ে । বনজুয়ে ইতিমধ্যে মাউই চহৰত তাণ্ডৱ সৃষ্টি কৰিছে । হাজাৰ হাজাৰ ঘৰ বনজুইত ধ্বংসপ্ৰাপ্ত হৈছে । ইফালে মৃত্যু কিৰিলি শুনিবলৈ পোৱা গৈছে হাৱাই দ্বীপত অন্তৰ্গত অঞ্চলটোত । অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ধ্বংসস্তুপত এতিয়া বহু মৃতদেহ আৱদ্ধ হৈ আছে । মৃতকৰ সংখ্যা ৮৯ লৈ বৃদ্ধি হোৱাৰ লগতে বহু লোক আঘাতপ্ৰাপ্তও হৈছে । ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক । জানিব পৰা মতে প্ৰশাসনে এতিয়ালৈ ৪,০০০ লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিছে ।

আনহাতে যোগাযোগ ব্যৱস্থাও ব্যাহত হৈ পৰিছে । জানিব পৰা মতে বহু মোবাইল টাৱাৰ জুইৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । এতিয়াও প্ৰায় ৩০ টা এনে টাৱাৰ অফলাইন হৈ আছে । দ্বীপটোৰ পশ্চিম ফালে কেইবা সপ্তাহ ধৰি বিদ্যুৎ বিভ্ৰাট হোৱাৰ সম্ভাৱনা আছে । ইফালে, কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে যে অনুসন্ধানৰ প্ৰচেষ্টা অব্যাহত থকাৰ লগে লগে মৃত্যুৰ সংখ্যাও বৃদ্ধি হ'ব পাৰে । আনহাতে ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যাও প্ৰশাসনে উলিওৱাৰ চেষ্টা কৰিছে ।

প্ৰশাসনে জনোৱা মতে লাহাইনাৰ উত্তৰে পশ্চিম মাউইৰ এটা উপকূলীয় অঞ্চল কানাপালীত শুকুৰবাৰে সন্ধিয়া বনজুই বিয়পি পৰে । অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Hawaii wildfires : হাৱাই দ্বীপৰ বনজুইত ৬৭ জনৰ মৃত্যু; এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.