ETV Bharat / international

Tara Air 9 NAET : দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা উদ্ধাৰ অন্তিমটো মৃতদেহ

author img

By

Published : May 31, 2022, 2:19 PM IST

নেপালত দুৰ্ঘটনাগ্ৰস্ত বিমান(Nepal aircraft goes missing) Tara Air 9 NAET ৰ পৰা উদ্ধাৰ 22 টা মৃতদেহ ৷ নেপাল সেনাই মঙলবাৰে দুৰ্ঘটনাগ্ৰস্ত তাৰা এয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ স্থানৰ পৰা অন্তিমটো মৃতদেহ উদ্ধাৰ কৰে ৷

Last body recovered from Tara Air plane crash site: Nepal Army
Tara Air 9 NAET: দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা 22 টা মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 31 মে' : নেপালত দুৰ্ঘটনাগ্ৰস্ত Tara Air 9 NAET বিমানখনৰ পৰা উদ্ধাৰ 22 টা মৃতদেহ (Missing Tara Air plane found crashed) ৷ নেপাল সেনাই মঙলবাৰে দুৰ্ঘটনাগ্ৰস্ত তাৰা এয়াৰ বিমানখনৰ ধ্বংসাৱশেষৰ স্থানৰ পৰা অন্তিমটো মৃতদেহ উদ্ধাৰ কৰে ৷ সোমবাৰে নিশালৈকে মুষ্টাং জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা দুৰ্ঘটনাগ্ৰস্ত তাৰা এয়াৰ বিমানখনৰ স্থানৰ পৰা উদ্ধাৰকাৰীসকলে 21 টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ নেপাল সৈন্যই পুনৰ অভিযান চলাই মঙলবাৰে অন্তিম মৃতদেহটো উদ্ধাৰ কৰে ৷

নেপাল সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ চিলৱালে টুইটত উল্লেখ কৰে যে, দুৰ্ঘটনাস্থলীৰ পৰা শেষৰটো মৃতদেহ উদ্ধাৰ কৰা হৈছে (Tara Airlines plane crash site) ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ পৰা 12 টা মৃতদেহ কাঠমাণ্ডুলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে 11 টা মৃতদেহ আধাৰ শিবিৰলৈ লৈ যোৱা হৈছে ৷

নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰী (President Bidya Devi Bhandari condoled the death in the plane crash) আৰু প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই (Prime Minister Sher Bahadur Deuba condoled the death in the plane crash) বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ক্ৰু সদস্য আৰু যাত্ৰীসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । নেপাল চৰকাৰে তাৰা এয়াৰ বিমান দুৰ্ঘটনাৰ কাৰণ বিচাৰি উলিয়াবলৈ শীৰ্ষ বৈমানিক অভিযন্তা ৰতিশ চন্দ্ৰ লাল সুমনৰ নেতৃত্বত পাঁচজনীয়া তদন্ত আয়োগ গঠন কৰিছে ।

এক প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি প্ৰতিকূল বতৰৰ বাবে বাওঁফালে ঘূৰি যোৱাৰ পৰিৱৰ্তে বিমানখন সোঁফালে ঘূৰি যোৱাৰ পিছত পাহাৰৰ টিলাত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ সোমবাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি বিমানখন ১৪,৫০০ ফুট উচ্চতাত মুস্তাং জিলাৰ থাচাং-২ ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

দুৰ্ঘটনাস্থলীত নেপাল সেনা, এয়াৰ ডাইনেষ্টি, কৈলাশ হেলিকপ্তাৰ আৰু ফিছটেইল এয়াৰ হেলিকপ্তাৰ সহ অন্যান্য উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছিল । ভাৰতৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জনোৱা অনুসৰি বিমানখন পোখৰাৰ পৰা পুৱা ৯.৫৫ বজাত উৰা মাৰিছিল আৰু প্ৰায় ১২ মিনিট পিছতে অৰ্থাৎ পুৱা ১০.০৭ বজাত বিমান নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ হেৰুৱাইছিল ৷

লগতে পঢ়ক: Tara Air 9 NAET: দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পৰা উদ্ধাৰ 16 টা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.