ETV Bharat / international

গাজাৰ শৰণাৰ্থীৰ শিবিৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, প্ৰায় 68 জন নিহত

কোন দিশে ইজৰাইল-হামাছৰ যুদ্ধ (israel hamas war) ! ইজৰাইলে গাজাত(Gaza) চলোৱা এয়াৰ ষ্ট্ৰাইকত প্ৰায় 68 জন পেলেস্তাইনীলোক নিহত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে ৷

author img

By PTI

Published : Dec 25, 2023, 7:10 AM IST

Israel air strike on refugee camps in Gaza
গাজাৰ শৰণাৰ্থীৰ শিবিৰত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক

ইন্টাৰনেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ : ভয়ংকৰ ৰূপ লৈছে হামাছ-ইজৰাইলৰ যুদ্ধই ৷ শেহতীয়াকৈ ইজৰাইলে গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা এয়াৰ ষ্ট্ৰাইকত প্ৰায় 68 জন পেলেষ্টাইনী নিহত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে ৷ ইয়াৰে 12 গৰাকী মহিলা আৰু 7 টি শিশু আছে বুলি জানিব পৰা গৈছে ৷ ইফালে হামাছৰ প্ৰত্যুত্তৰ আক্ৰমণত ইজৰাইলৰ 15 জনকৈ সৈনিক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

ইজৰাইলে গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা আক্ৰমণৰ পাচৰ ঘটনাৰ বৰ্ণনা কৰিছে পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই ৷ তেওঁ কয়, ‘‘ এয়াৰষ্ট্ৰাইকৰ পাছত বহুতৰে শৰীৰ টুকুৰা-টুকুৰকৈ হৈ পৰিছিল ৷ বহুত আবদ্ধ হৈ পৰিছিল ৷ চাৰিওফালে আৰ্তনাদ শুনিবলৈ পোৱা গৈছিল ৷ ইজৰাইলে গণহত্যা কৰিছে ৷’’

আনহাতে এই ক্ষেত্ৰত ইজৰাইলী সামৰিক বাহিনীৰ তাৎক্ষণিক কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ ইফালে শুকুৰবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ য’ত উল্লেখ আছিল যেতিয়ালৈকে আমাৰ লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে গাজাত আক্ৰমণ চলিয়েই থাকিব ৷

ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা প্ৰস্তাৱৰ পাছতে ইজৰাইলে গাজাত আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে ৷ উল্লেখ্য যে, বৰ্তমানেও নিৰপেক্ষ স্থানত অৱস্থান কৰি আছে আমেৰিকাই ৷ গাজাত সাহায্য, উদ্ধাৰ অভিযান আৰু যুদ্ধ বিৰতিৰ সন্দৰ্ভত এটা প্ৰস্তাৱ বৃহস্পতিবাৰে গ্ৰহণ কৰিছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৷ কিন্তু উক্ত প্ৰস্তাৱত ভোটদানৰ পৰাও বিৰত থাকে আমেৰিকাই ৷

ইতিমধ্যে কেইবামাহ ধৰি চলি থকা যুদ্ধৰ ফলত গাজাৰ বিভিন্ন স্থানত 20 হাজাৰৰো অধিক লোক নিহত হোৱাৰ লগতে প্ৰায় 2.3 লোকক স্থানান্তৰ কৰিবলগা হৈছে ৷ আনহাতে পবিত্ৰ খ্ৰীষ্টমাছৰ প্ৰাকক্ষণত ইজৰাইলে গাজাত চলোৱা আক্ৰমণৰ পাচতে তেজেৰে ৰক্তাত হৈ পৰিছে গাজাৰ বিভিন্ন প্ৰান্ত ৷

লগতে পঢ়ক : পুনৰ গাজাত ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, 90জনৰো অধিক পেলেষ্টাইনী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.