ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: হামাছে নিৰ্মাণ কৰা সুৰংগত ইজৰাইল প্ৰতিৰক্ষা বাহিনী (IDF) আৰু শ্বিন বেট নিৰাপত্তা সেৱাই উদ্ধাৰ কৰা কেইবাখনো ছবি শেহতীয়াকৈ প্ৰকাশ কৰিছে । এই ছবিসমূহৰ ভিতৰত এখন উল্লেখযোগ্য ছবি আছে য’ত ইজৰাইলী সেনাৰ আক্ৰমণৰ সময়ত নিহত হোৱা হামাছৰ পাঁচজন জ্যেষ্ঠ কমাণ্ডাৰক দেখা গৈছে । ফটোখনত হামাছৰ কমাণ্ডাৰৰ দলটোৱে এখন বৈঠকত আহাৰ গ্ৰহণ কৰি থকা দেখা গৈছে ।
আইডিএফ আৰু শ্বিন বেটৰ যৌথ বিবৃতি অনুসৰি এই নেতাসকল হামাছৰ দ্বিতীয় বৃহত্তম ব্ৰিগেড উত্তৰ গাজা ব্ৰিগেডৰ অংশ আছিল ।
বিবৃতিটোত বিতংভাৱে কোৱা হৈছে, "IDF ৰ চোৰাংচোৱা সঞ্চালকালয় আৰু ISA ৰ সহায়ত আইডিএফৰ জোৱানসকলে ব্ৰিগেডৰ কমাণ্ডাৰ আহমেদ আল-ঘন্দুৰ, ডেপুটি ব্ৰিগেড কমাণ্ডাৰ ৱায়েল ৰজাব, কাৰিকৰী আৰু কাৰ্যকৰী সহায় বিভাগৰ মুৰব্বী, উত্তৰ গাজা ষ্ট্ৰিপৰ বাবে নিযুক্ত পৰ্যবেক্ষণ বিষয়া আৰু অন্যান্য জ্যেষ্ঠ অপাৰেটিভসকলৰ উপৰিও ব্ৰিগেডৰ সহায়ক বেটেলিয়নৰ অধিনায়কক হত্যা কৰে ।"
হামাছৰ সামৰিক শাখাৰ ভিতৰৰ মহলৰ মূল সদস্য আল-ঘন্দুৰে উত্তৰ গাজা ষ্ট্ৰিপ অঞ্চলৰ সকলো সন্ত্ৰাসবাদী অভিযান পৰিচালনা আৰু পৰিচালনাৰ দায়িত্বত আছিল । IDF এ প্ৰকাশ কৰা অনুসৰি আত্মগোপন কৰি থকা অৱস্থাত হামাছৰ কামাণ্ডাৰকেইজন নিহত হয় । এই সুৰংগটো নাগৰিকৰ ঘৰৰ তলত আৰু ইণ্ডোনেছিয়াৰ এখন চিকিৎসালয়ৰ ওচৰত আছিল ।
ইজৰাইলে হামাছে অসামৰিক অঞ্চল আৰু চিকিৎসালয়, ঘৰ, বিদ্যালয়ৰ দৰে স্পৰ্শকাতৰ স্থানক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে । IDF এ ইয়াৰ সৰ্ববৃহৎ হামাছৰ গাজা চিটি ব্ৰিগেডৰ অংশ ছাব্ৰা বেটেলিয়ন, শতি বেটেলিয়ন, দাৰ্জ টাপাহ বেটেলিয়ন আৰু শ্বেজাইয়া বেটেলিয়নৰ কমাণ্ডাৰক নিৰ্মূল কৰাৰ বাতৰিও প্ৰকাশ কৰিছে ।
গাজা ষ্ট্ৰীপত ইজৰাইলে বৰ্তমান পৰ্যন্ত ভয়াৱহভাৱে আক্ৰমণ চলাই আহিছে ৷ ইফালে, ইজৰাইলৰ সেনাই দক্ষিণ গাজাৰ মূল চহৰত অভিযান তীব্ৰতৰ কৰি তুলিছে । পাঁচ সপ্তাহ পূৰ্বে হামাছক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে ভয়াৱহভাৱে আৰম্ভ কৰিছিল স্থল আক্ৰমণ । ইয়াৰ পিছতে আমেৰিকাই ইজৰাইলক পেলেষ্টাইনী নাগৰিকৰ ওপৰত আক্ৰমণ হ্ৰাস কৰিবলৈ পুনৰ আহ্বান জনায় ।
এই সংঘাতৰ সময়ছোৱাত ভুক্তভোগীক শাৰীৰিক নিৰ্যাতন, ধৰ্ষণ, জীৱন্তে জ্বলাই দিয়া আৰু অংগ-প্ৰত্যংগ চুকুৰা-টুকুৰ কৰাৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা বুলি ইজৰাইলৰ ন্যায় মন্ত্ৰণালয়ে তথ্য প্ৰকাশ কৰে । পেলেষ্টাইনৰ ফালৰ পৰা হামাছৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ে জনাইছে যে 7 অক্টোবৰৰ পৰা ইজৰাইলৰ সামৰিক কাৰ্যকলাপত গাজাত 7112 টা শিশু আৰু 4885 মহিলাকে ধৰি কমেও 16248 গৰাকী লোকৰ মৃত্যু হৈছে । হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হোৱাৰ লগতে yহুতকে ধ্বংসাৱশেষৰ তলত পুতি থোৱাৰ আশংকা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: যুদ্ধবিৰতি সমাপ্ত; গাজাত ইজৰাইলৰ আক্ৰমণত নিহত ১৭৮