ETV Bharat / international

Israeli Palestinian conflict : গাজাত পেলেষ্টাইনৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান - Hamas reacts over Israeli airstrike

পেলেষ্টিনিয়ান ইছলামিক জিহাদৰ বিৰুদ্ধে ইজৰাইল সেনাৰ অভিযান (Israeli airstrike in Gaza)। উগ্ৰপন্থীয়ে বাহৰ পাতি থকা এটা অট্টালিকাত ইজৰাইলী বিমান আক্ৰমণত পেলেষ্টিনিয়ান ইছলামিক জিহাদৰ সদস্য নিহত । পেলেষ্টিনিয়ান ইছলামিক জিহাদৰ তীব্ৰ প্ৰতিক্ৰিয়া ।

Israeli Palestinian conflict
গাজাত পেলেষ্টাইনৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ইজৰাইলৰ অভিযান
author img

By

Published : May 13, 2023, 10:09 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ মে' : পেলেষ্টাইন আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষ অব্যাহত আছে (Israeli Palestinian conflict)। পুনৰ পেলেষ্টাইনত ইজৰাইলৰ আক্ৰমণ । পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে এক প্ৰেছ বিবৃতিত কয় যে গাজা চহৰৰ এটা এপাৰ্টমেণ্টত ইজৰাইলী বিমান আক্ৰমণত পেলেষ্টিনিয়ান ইছলামিক জিহাদ (PIJ) আন্দোলনৰ সশস্ত্ৰ শাখা আল-কুদছ ব্ৰিগেডৰ এজন জ্যেষ্ঠ সদস্য নিহত হয় (Al Quds Brigades was killed in Gaza)।

ইছলামিক প্ৰতিৰোধ আন্দোলন (হামাস)ৰ দ্বাৰা পৰিচালিত মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিত আল-নাছেৰ চুবুৰীয়া অঞ্চলত হোৱা আক্ৰমণত দুগৰাকী পেলেষ্টাইনৰ নাগৰিক নিহত হয় আৰু ৫ জন আন নাগৰিক আহত হয় বুলি জানিব পৰা গৈছে (Hamas reacts over Israeli airstrike)। মন্ত্ৰালয়ে ভুক্তভোগীসকলক পিআইজে উগ্ৰপন্থী ইয়াদ আল-হাছানি আৰু মহম্মদ আব্দেল আল বুলি চিনাক্ত কৰিছে । ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, ইয়াদ আল-হাছানী পিআইজেৰ অভিযানৰ নেতৃত্ব দিয়া আৰু সামৰিক সিদ্ধান্ত লোৱাত এক গুৰুত্বপূৰ্ণ ব্যক্তি আছিল ।

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ বিবৃতি অনুসৰি আল-হাছানী সংগঠনটোৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল আৰু ইজৰাইলৰ বিৰুদ্ধে ৰকেট উৎক্ষেপণ আৰু বেৰেজ সম্পৰ্কীয় সকলো কামতে জড়িত আছিল । পিআইজেৰ সশস্ত্ৰ শাখাই এক বিবৃতিত কৈছে যে সংগঠনটোৰ নেতাসকলক হত্যা কৰিলে তেওঁলোকৰ প্ৰতিৰোধ বন্ধ নহয় । স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে মঙলবাৰে ইজৰাইলে পিআইজেৰ সশস্ত্ৰ শাখাত বিমান আক্ৰমণ আৰম্ভ কৰাৰ পাছত ৩৩ জন লোক নিহত আৰু ১০০ ৰো অধিক লোক আহত হৈছে ।

ইজৰাইলী যুঁজাৰু বিমান আৰু মানৱ বিহীন ড্ৰোণে গাজা ষ্ট্ৰিপত জ্যেষ্ঠ পিআইজে সামৰিক সদস্যসকলে বাহৰ পাতি থকা এটা অট্টালিকা আৰু এপাৰ্টমেণ্টত আক্ৰমণ কৰে । ইজৰাইলৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে বিয়লি আৰু বৃহস্পতিবাৰে পিআইজে উগ্ৰপন্থীয়ে মধ্য আৰু দক্ষিণ ইজৰাইলত ৫০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰে, যাৰ ফলত এগৰাকী ইজৰাইলী মহিলা নিহত হয় আৰু ৯ জনতকৈ অধিক আহত হয় ।

পেলেষ্টাইনৰ সূত্ৰৰ মতে ইজিপ্ত, কাটাৰ আৰু ৰাষ্ট্ৰসংঘই এতিয়ালৈকে ইজৰাইল আৰু পিআইজেকে ধৰি হামাস নেতৃত্বাধীন উগ্ৰপন্থী গোটসমূহৰ মাজত যুদ্ধবিৰতিৰ মধ্যস্থতা কৰাত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক :Pakistan political Crisis : পিটিআই নেত্ৰী তথা প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.