ETV Bharat / international

Brutality of ISIS: যৌনকৰ্মীক খুৱালে নিজৰ এবছৰীয়া সন্তানৰ মাংস

ISIS(Islamic State of Iraq and Syria) ৰ নৃশংসতা আৰু বৰ্বৰতাই কেতিয়াবাই অতিক্ৰম কৰিলে সীমা । পুনৰ এগৰাকী যৌনকৰ্মীক তেওঁৰ নিজৰ এবছৰীয়া সন্তানৰ মাংস খাবলৈ বাধ্য কৰাই ISIS য়ে দিলে নৃশংসতাৰ পৰিচয়(Forced to eat one year old child) ।

author img

By

Published : Aug 1, 2022, 3:14 PM IST

sex slave in isis captivity shares ordeal
ISIS য়ে এগৰাকী যৌন কৰ্মীক নিজৰ এবছৰীয়া সন্তানৰ মাংস খাবলৈ বাধ্য কৰাইছিল

ইন্টাৰনেশ্যনেল ডেস্ক, ১ আগষ্ট: পোহৰলৈ আহিছে ISIS ৰ নৃশংসতাৰ আন এক ছবি । ISIS ৰ ওচৰত বন্দী হৈ থকা এগৰাকী যৌনকৰ্মীয়ে বৰ্ণনা কৰিছে শিহৰণকাৰী ঘটনা । ইৰাকী সাংসদ ভিয়ান ডাখিলে ইজিপ্তৰ এটা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই ভয়ংকৰ তথ্য । সংবাদ মাধ্যমটোত প্ৰকাশিত সাংসদগৰাকীৰ মন্তব্যৰ কিয়দাংশ জিদান ইছমাইল নামৰ এজন ইয়েজিদি কৰ্মীয়ে টুইটাৰত প্ৰকাশ কৰিছিল ।

সেই তথ্যৰ পৰা জানিবপৰা মতে ISIS ৰ পৰা উদ্ধাৰ হোৱা মহিলাগৰাকীয়ে কৈছিল যে তিনিদিন ধৰি তেওঁক খাদ্য আৰু পানীৰ অবিহনে ৰখা হৈছিল(Sex slave in ISIS captivity) । তাৰপাছত এক প্লেট ভাত আৰু মাংস দিয়া হৈছিল । ভোকত থকা মহিলাগৰাকীয়ে সেইখিনি খোৱাৰ পাছতেই জানিব পাৰিছিল প্ৰকৃত তথ্য । তেওঁৰ পৰা কাঢ়ি নিয়া এবছৰীয়া পুত্ৰক হত্যা কৰি তেওঁক সেই মাংসকে খাবলৈ দিয়া হৈছিল(Forced to eat own child meat) ।

ইফালে আন এক ঘটনা সন্দৰ্ভত আন এগৰাকী ছোৱালীয়ে বৰ্ণনা কৰিছিল যে ISISয়ে তেওঁৰ ছয়গৰাকীকৈ ভনীয়েকক লৈ গৈছিল । মাত্ৰ ১০ বছৰ বয়সত তেওঁৰ কনিষ্ঠ ভগ্নীক দেউতাক আৰু আন ভনীয়েক কেইজনীৰ সন্মুখতে ধৰ্ষণ কৰিছিল ।

ISIS(Islamic State of Iraq and Syria) বা ISIL (Islamic State of Iraq and the Levant)হৈছে এক চুন্নী গোট যি নিজকে খিলাফত বুলি দাবী কৰে । ISIS য়ে সকলো মুছলমানৰ ওপৰত ধৰ্মীয় আদেশসমূহ প্ৰকাশ কৰে । যদিও সময়ৰ লগে লগে কিছু হ্ৰাস পাইছে তথাপি বৰ্তমানো আৰু মধ্য প্ৰাচ্যৰ কিছু কিছু অংশত বৰ্তমানো সক্ৰিয় হৈ আছে আৰু অঞ্চলসমূহত অস্থিৰতাৰ সৃষ্টি কৰি আহিছে ।

লগতে পঢ়ক: Second Gold medal for India : কমনৱেলথ গেমছত দ্বিতীয়টো সোণৰ পদক ভাৰতৰ জেৰেমিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.