ETV Bharat / international

আমেৰিকাৰ সংসদীয় সমিতিৰ অধ্যক্ষক সাক্ষাৎ ভাৰতৰ ৰাষ্ট্ৰদূতৰ - Taranjit Singh Sandhu

আমেৰিকাৰ সংসদীয় সমিতিৰ অধ্যক্ষ মাইক ৰজাৰ্ছক ভাৰতৰ ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে সাক্ষাৎ কৰে । দুয়োগৰাকীয়ে প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে ।

Indian envoy meet Chairman of US House Committee
আমেৰিকাৰ সংসদীয় সমিতিৰ অধ্যক্ষক সাক্ষাৎ ভাৰতৰ ৰাষ্ট্ৰদূতৰ
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:04 PM IST

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে শক্তিশালী হাউচ ফৰেইন এফেয়াৰ্ছ কমিটিৰ অধ্যক্ষ কংগ্ৰেছমেন মাইক ৰজাৰ্ছক সাক্ষাৎ কৰে । এই বৈঠকত দুয়োগৰাকীয়ে প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে ।

যোৱা মাহত নতুন দিল্লীত ২+২ মন্ত্ৰীৰ আলোচনা হৈছিল । সেই আলোচনাৰ পাচত সংসদীয় সমিতিৰ অধ্যক্ষ মাইক ৰজাৰ্ছৰ সৈতে তৰঞ্জিত সান্ধুৰ বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । এই বছৰ ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা সহযোগিতাই ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অনুমোদন বিধেয়কত জাহাজ মেৰামতি, জেট ইঞ্জিন নিৰ্মাণ, প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপ আৰু ইতিবাচক ভাষাৰ চুক্তিৰ সৈতে অগ্ৰগতি দেখিছে ।

সান্ধুৱে এই বৈঠকৰ পাচতে X ৰ এটা পোষ্টত কয় যে হাউচ আৰ্মড চাৰ্ভিচেছ কমিটিৰ অধ্যক্ষ মাইক ৰজাৰ্ছক পুনৰ সাক্ষাৎ কৰি তেওঁ আনন্দিত । এই বৈঠকত প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, আইচিইটি (গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আৰু জ্ঞানৰ ক্ষেত্ৰত উদ্যোগ)কে ধৰি ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত আলোচনা হোৱা বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, ৰিপাব্লিকান আইন প্ৰণেতা ৰজাৰ্ছক চীনৰ হক বুলি গণ্য কৰা হয় আৰু তেওঁ চীনৰ ওপৰত নিৰন্তৰভাৱে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে । ২০২১ চনতো সান্ধুৱে ৰজাৰ্ছৰ সৈতে বাৰ্তালাপ কৰিছিল । ইফালে অক্টোবৰত ৰাষ্ট্ৰদূতগৰাকী তেওঁৰ দ্বি-দলীয় প্ৰচাৰৰ অংশ হিচাপে হাউচ আৰ্মড চাৰ্ভিচেছ কমিটিৰ কংগ্ৰেছমেন এডাম স্মিথক সাক্ষাৎ কৰিছিল ।

উল্লেখ্য যে, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাই দীৰ্ঘদিন ধৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে । তাৰ অংশ হিচাপে দুয়োখন চৰকাৰে ইয়াৰ পূৰ্বেও এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক : ডুবাইত প্ৰধানমন্ত্ৰী মোদী; জলবায়ু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বৈঠকত কৰিব অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.