ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ অক্টোবৰ : আমেৰিকাৰ এক পথ দুৰ্ঘটনাত এগৰাকী ভাৰতীয় আমেৰিকান ব্যক্তিৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে নিহত ব্যক্তিগৰাকী ৪২ বছৰীয়া সুখবিন্দৰ সিং । গুৰুতৰভাৱে আহত সিঙক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ১৩ অক্টোবৰত তেওঁৰ মৃত্যু হয় । আৰক্ষীয়ে জনোৱা মতে এই সপ্তাহতে ইণ্ডিয়ানাপলিছৰ সমীপৰ গ্ৰীণউডত সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনাটো । পাঞ্জাৱৰ হোচিয়াৰপুৰ জিলাৰ বাসিন্দা সিঙে ১৯৯৬ চনত ১৫ বছৰ বয়সৰ পৰাই আমেৰিকাত বসবাস কৰি আহিছে ।
স্থানীয় আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে ১২ অক্টোবৰৰ সন্ধিয়া দুৰ্ঘটনাটোৰ তথ্য লাভ কৰিছিল । দুখন বাহনৰ মুখামুখি সংঘৰ্ষ হৈছিল । মুখামুখি সংঘৰ্ষৰ পাছতে ৩ গৰাকী লোক দুয়োখন বাহনত আৱদ্ধ হৈ আছিল । প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে সিঙে এখন চাৰিচকীয়া বাহন চলাই আহিছিল আৰু বিপৰীত দিশৰ পৰা আহি থকা আন এখন বাহনত খুন্দা মাৰিছিল ।
সুখবিন্দৰ সিঙে তেওঁৰ পত্নী, ১৫ বছৰীয়া পুত্ৰ আৰু ১০ বছৰীয়া কন্যাক এৰি থৈ গৈছে । তেওঁ ২০১০ চনৰ পৰা ইণ্ডিয়ানাপলিছত বাস কৰি আছিল । আৰক্ষীয়ে জনোৱা মতে আনখন বাহনৰ চালক আৰু ৫২ বছৰীয়া এগৰাকী মহিলা যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনাটোৰ পাছতে তেওঁলোকক আইইউ হেল্থ মেথডিষ্ট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে বিগত বছৰৰ ডিচেম্বৰত এৰিজোনাৰ এটা হ্ৰদত প্ৰায় ৩ গৰাকী ভাৰতীয় আমেৰিকান সন্ধানহীন হৈছিল । সন্ধানহীন লোকসকল ৪৯ বছৰীয়া নাৰায়ণ মুদ্দানা, ৪৭ বছৰীয়া গোকুল মেডিছেটি আৰু হৰিথা মুদ্দানা বুলি চিনাক্ত হৈছিল ।
লগতে পঢ়ক :Joe Biden considering trip to Israel : ইজৰাইল ভ্ৰমণৰ পৰিকল্পনা ৰাষ্ট্ৰপতি বাইডেনৰ !