ETV Bharat / international

Israel Hamas War : হামাছৰ স্থল আক্ৰমণ আৰম্ভ, হামাছৰ ১৫০ টা গোপন স্থানত অভিযান

author img

By ANI

Published : Oct 28, 2023, 2:21 PM IST

ইজৰাইলে গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ আৰম্ভ কৰিছে । নিশা ইজৰাইলী সেনা আৰু হামাছৰ সংঘৰ্ষ । কেইবাটাও সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ ইজৰাইলৰ । উদ্বিগ্ন পেলেস্তাইনীসকল ।

Israel Hamas War
হামাছৰ স্থল আক্ৰমণ আৰম্ভ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ অক্টোবৰ : গাজা ষ্ট্ৰিপত ইতিমধ্যে ইজৰাইলে স্থল আক্ৰমণ আৰম্ভ কৰিছে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কোৱা মতে গাজা ষ্ট্ৰিপত নিশাৰ স্থল অভিযানত সেনা আৰু হামাছ সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছে । অৱশ্যে এই সংঘৰ্ষৰ সময়ত কোনো ইজৰাইলী সেনা আহত হোৱাৰ খবৰ পোৱা হোৱা নাই । কিন্তু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সন্দেহ কৰা মতে এই সংঘৰ্ষত হামাছৰ কেইবাটাও সন্ত্ৰাসবাদীক নিহত হৈছে । সন্ত্ৰাসবাদী গোটটোৰ আন্তঃগাঁথনিও ধ্বংস কৰা হৈছে বুলি সেনাই দাবী কৰিছে ।

ইফালে ইজৰাইলৰ স্থল সেনা, যুঁজাৰু অভিযান্ত্ৰিক বাহিনী আৰু টেংকবোৰ এতিয়াও গাজা ষ্ট্ৰিপৰ ভিতৰতে আছে । ইয়াৰ উপৰিও, ইজৰাইলৰ যুঁজাৰু বিমানে নিশা উত্তৰ গাজা ষ্ট্ৰিপত প্ৰায় ১৫০ টা লক্ষ্যত আক্ৰমণ কৰে । আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদী সংগঠন হামাছৰ সন্ত্ৰাসবাদীসকল নিহত হয় আৰু সুৰংগ, সংঘৰ্ষৰ স্থান আৰু অন্যান্য সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা হয় ।

ইজৰাইলী যুঁজাৰু বিমানে হামাছৰ এৰিয়েল এৰেৰ মূল আচেম আবু ৰাকাবাকো আঘাত কৰে । আবু ৰাকাবা হামাছৰ ইউএভি, ড্ৰোণ, পেৰাগ্লাইডাৰ, আকাশী চিনাক্তকৰণ আৰু প্ৰতিৰক্ষাৰ গুৰুত্বপূৰ্ণ অংশ । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মতে ৰাকাবাই ৭ অক্টোবৰৰ গণহত্যাৰ পৰিকল্পনাত অংশগ্ৰহণ কৰিছিল আৰু পেৰাগ্লাইডাৰত ইজৰাইলত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীসকলক পথ দেখুৱাইছিল । আইডিএফ চকীসমূহতো ড্ৰোণ আক্ৰমণৰ বাবে দায়বদ্ধ ৰাকাবা ।

ইজৰাইলৰ বোমাবর্ষণৰ ফলত ইণ্টাৰনেট আৰু টেলিফোনিক সেৱাও ব্যাহত হৈ পৰিছে । গাজাত ইজৰাইলৰ অভিযানে পেলেস্তাইনীসকলক শংকিত কৰি তুলিছে । গাজা সীমান্তৰ সমীপৰ আশ্কেলন চহৰত, প্ৰচণ্ড বোমাবর্ষণ, নিৰন্তৰ আৰ্টিলাৰী গুলী আৰু যুঁজাৰু বিমানৰ শব্দ শুনা গৈছে । ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰে গাজা ষ্ট্ৰিপত স্থল অভিযান সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰিছিল । অৱশ্যে এই অভিযানত জড়িত সেনাৰ সংখ্যাৰ বিষয়ে নিৰ্দিষ্ট বিৱৰণ প্ৰদান কৰা হোৱা নাই ।

লগতে পঢ়ক :Israel Attacks Gaza : গাজাৰ গ্ৰাউণ্ড ষ্টাফৰ সৈতে সম্পৰ্ক বিছিন্ন হু আৰু ইউনিচেফৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.