ETV Bharat / international

Gaza hospital blast: গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত ৰকেট আক্ৰমণ - ইজৰাইলৰ বিমান ষ্ট্ৰাইক

মঙলবাৰে গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত আকাশমাৰ্গেৰে আক্ৰমণ ৷ এই আক্ৰমণৰ ঘটনাত শ শ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আক্ৰমণৰ অভিযোগ নস্যাৎ ইজৰাইলৰ ৷

Explosion in Gaza hospital kills hundreds

author img

By ANI

Published : Oct 18, 2023, 8:51 AM IST

Updated : Oct 18, 2023, 9:20 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 18 অক্টোবৰ : যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপত অবৰ্ণনীয় পৰিস্থিতি ৷ ইজৰাইলৰ বিমান ষ্ট্ৰাইক অব্যাহত থকাৰ মাজতে মঙলবাৰে গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত আকাশমাৰ্গেৰে আক্ৰমণ ৷ এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত শ শ লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰই কোৱা অনুসৰি, মঙলবাৰে ইজৰাইলে আকাশমাৰ্গেৰে কৰা আক্ৰমণত পেলেষ্টাইনৰ ছিটমহলৰ এখন চিকিৎসালয়ত শ শ লোকৰ মৃত্যু হয় ৷ কিন্তু ইজৰাইলে এই অভিযোগ নস্যাৎ কৰি পেলেষ্টাইন বেৰেজে বিস্ফোৰণ সংঘটিত কৰিছে বুলি ওলোটাই মন্তব্য কৰে ৷

লক্ষণীয় যে, ছিটমহলৰ চিকিৎসালয়খনত ক্ৰমে ৰোগীৰ বাবে খাদ্য, ইন্ধন আৰু বিদ্যুৎ শেষ হোৱাক লৈ যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছিল ৷ জানিব পৰামতে, এই আক্ৰমণত বহুতো লোক এতিয়াও ধ্বংসস্তুপৰ তলতেই আৱদ্ধ হৈ আছে ৷ এই ঘটনাৰ পিচতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে চিকিৎসালয়ৰ আক্ৰমণত জড়িত থকাৰ কথা "স্পষ্টভাৱে" অস্বীকাৰ কৰিছে, ইয়াৰ পৰিৱৰ্তে গাজাৰ প্ৰতিদ্বন্দী ইছলামবাদী উগ্ৰপন্থী গোট পেলেষ্টাইনী ইছলামিক জিহাদ গোটক দোষাৰোপ কৰিছে ৷

লেফটেনেণ্ট কৰ্ণেল জনাথন কনৰিকাছে এই সন্দৰ্ভত কয়, "আমি সেই আক্ৰমণ সংঘটিত কৰা নাই ৷ আমাৰ সন্দেহ অনুসৰি, এয়া কোনো ইছলামিক জিহাদ গ্ৰুপৰ বিফল ৰকেট উৎক্ষেপণ আছিল ৷ আমি স্পষ্টভাৱে কৈছো যে, আমি ইচ্ছাকৃতভাৱে কোনো সংবেদনশীল অঞ্চলত আক্ৰমণ নকৰো ৷ চিকিৎসালয়ত নিশ্চয়কৈ আক্ৰমণ নকৰোঁ ৷"

ইছলামবাদী উগ্ৰপন্থী গোট হামাছে ইজৰাইলত আক্ৰমণ কৰাৰ পিচতেই প্ৰায় 11 দিন ধৰি ইজৰাইলে ছিটমহলত আক্ৰমণ অব্যাহত ৰাখিছে ৷ 2.2 নিযুত লোকৰ বাসস্থান ছিটমহলত সম্প্ৰতি প্ৰায় মৃতপ্ৰায় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইফালে উত্তৰ গাজাৰ পৰা লক্ষাধিক লোকে ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছে ৷ আনহাতে, চিকিৎসালয়সমূহত বিদ্যুৎ আৰু পানীৰ অভাৱৰ মাজতো আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসা অব্যাহত আছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানিৰ বাবে ইজিপ্ত আৰু গাজা সংযোগী এটা কৰিড‘ৰ খুলি দিয়াৰ চেষ্টা কৰি আছে ৷

লক্ষণীয়ে যে বুধবাৰে সংকট সমাধানৰ বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় চাপৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইল ভ্ৰমণ কৰাৰ কথা আছিল ৷

বাইডেনে জৰ্ডানৰ ৰাজধানী আম্মানত কেইবাজনো আৰৱ নেতাৰ সৈতে এখন সন্মিলনত অংশগ্ৰহণ কৰাৰো কথা আছিল ৷ কিন্তু চিকিৎসালয়ত সংঘটিত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্মিলনখন বাতিল কৰা হৈছে ৷

লগতে পঢ়ক: Terror alert in Brussels : সন্ত্ৰাসবাদীৰ আশংকাত বন্ধ কৰিবলগীয়া হ’ল ৰোমাঞ্চকৰ ফুটবল মেচ

Last Updated : Oct 18, 2023, 9:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.