ETV Bharat / international

Hezbollah on Israel Hamas war : ইজৰাইলক সকীয়নি সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ - Hezbollah on Israel Hamas war

ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত থকাৰ সময়তে লেবানন সীমান্ততো উত্তেজনা বৃদ্ধি পাইছে । লেবানন-ইজৰাইল সীমান্তত গুলীবৰ্ষণ বৃদ্ধি পাইছে । হিজবুল্লাহে হামাছক সহায়ৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে ।

Hezbollah on Israel Hamas war
ইজৰাইলক সকীয়নি সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ
author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:58 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ : 'গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ কৰিলে ইজৰাইলে ভয়ংকৰ পৰিণাম ভুগিব লাগিব ।' এই সকীয়নি লেবানিজ চিয়া ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ এজন শীৰ্ষ বিষয়াৰ । উল্লেখ্য যে হিজবুল্লাহৰ নেতা শ্বেখ নাইম কাচেমৰ মতে ইজৰাইলে দক্ষিণ লেবাননত গুলীচালনা আৰু ড্ৰোণ আক্ৰমণ কৰে । যাৰ প্ৰতিশোধ স্বৰূপে হিজবুল্লাহই ইজৰাইলৰ ফালে ৰকেট আৰু মিছাইল নিক্ষেপ কৰিছে ।

লেবানন-ইজৰাইল সীমান্তক অধিক উত্তেজিত কৰি হিজবুল্লাহৰ নেতাজনে কয় যে তেওঁলোকে ইজৰাইলী শত্ৰুক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে আৰু ইজৰাইলক সকীয়াই দিব বিচাৰিছে যে তেওঁলোক সাজু আছে । ইফালে হামাছৰ বিষয়াসকলেও দাবী কৰিছে যে যদি ইজৰাইলে গাজাত স্থল আক্ৰমণ কৰে তেনেহ'লে এই যুদ্ধত হিজবুল্লাহে যোগদান কৰিব ।

উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ লগে লগে লেবানন-ইজৰাইল সীমান্তত গুলীবৰ্ষণ বৃদ্ধি পাইছে । ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ওচৰত হাজাৰ হাজাৰ ৰকেট আৰু মিছাইলৰ লগতে বিভিন্ন প্ৰকাৰৰ ড্ৰোণৰে গঠিত অস্ত্ৰভাণ্ডাৰ আছে । যাৰ বাবে উত্তৰ ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণৰো আশংকা কৰা হৈছে ।

হিজবুল্লাহ নেতা কাচেমৰ মতে হামাছৰ সৈতে জড়িত তেওঁলোকৰ সংগঠনে ইতিমধ্যে লেবানন-ইজৰাইল সীমান্তত যুঁজৰ প্ৰস্তুতি চলাইছে । কাচেমে শনিবাৰে এজন হিজবুল্লাহ যুঁজাৰুৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত এক ভাষণত এই মন্তব্য কৰে । কাচেমে দাবী কৰা মতে এই যুদ্ধত তেওঁলোক সফল হ'ব ! ইফালে ইজৰাইলী সামৰিক বাহিনীয়ে এখন সীমান্ত চহৰ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰিছে য'ত এদিন পূৰ্বে সংঘটিত গুলীবৰ্ষণত তিনিগৰাকী বাসিন্দা আহত হৈছিল ।

হিজবুল্লাহে দাবী কৰা মতে সংগঠনটোৰ সদস্যসকলে ইজৰাইলী স্থানত আক্ৰমণ কৰিছে আৰু ইজৰাইলী বাহিনীক লক্ষ্য কৰি পোনপটীয়া আক্ৰমণ কৰিছে । লেবাননৰ চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থাই কেইবাখনো গাঁৱত ইজৰাইলৰ গুলীবৰ্ষণৰ খবৰ দিছে ।

হিজবুল্লাহ সংগঠনে উল্লেখ কৰা মতে শনিবাৰে তেওঁলোকৰ এজন সদস্য নিহত হৈছে । যাৰ ফলত ৭ অক্টোবৰৰ পৰা নিহত হোৱা মুঠ লেবানিজ সন্ত্ৰাসবাদীৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক :Palestinian rocket launches : ইজৰাইলৰ বিৰুদ্ধে পেলেস্তাইনী ৰকেটৰ ভুল আৰু বিফল উৎক্ষেপণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.