ETV Bharat / international

Hamas-Israel War: ইজৰাইল-হামাছৰ যুদ্ধত 18 জন সাংবাদিকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 11:13 AM IST

ইজৰাইল-হামাছৰ যুদ্ধত বৰ্তমানলৈ 18 গৰাকী সাংবাদিকৰ মৃত্যু হৈছে ৷ ইয়াৰে 14 গৰাকী পেলেষ্টাইনী সংবাদিক বুলি জানিব পৰা গৈছে ৷ গাজা আক্ৰমণ বন্ধ হোৱাৰ পিচতেই মৃত সাংবাদিকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে ৷

Journalist Death Toll Reaches 18
ইজৰাইল-হামাছৰ যুদ্ধত সাংবাদিকৰ মৃত্যুৰ সংখ্যা 18 জনলৈ বৃদ্ধি

ইন্টাৰনেশ্যনেল ডেস্ক, 19 অক্টোবৰ : ইজৰাইল-হামাছৰ যুদ্ধৰ বিধ্বংসী ৰূপ ৷ ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈ 18 জন সাংবাদিকৰ মৃত্যু হৈছে ৷ ইয়াৰে 14 গৰাকী পেলেষ্টাইনী সংবাদিক বুলি জানিব পৰা গৈছে ৷ নেশ্যনেল প্ৰেছ ক্লাবৰ সভাপতি আইলিন অ'ৰেলি আৰু নেচনেল প্ৰেছ ক্লাব জাৰ্নালিজম ইনষ্টিটিউটৰ সভাপতি গিল ক্লেইনৰ এক বিবৃতিযোগে ইজৰাইলৰ আৰু হামাছৰ মাজত হোৱা সংঘাতত প্ৰাণ হেৰুওৱা এই সাংবাদিকসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, "আমি ইজৰাইল আৰু হামাছৰ মাজৰ সংঘৰ্ষৰ সময়ত নিহত হোৱা সাংবাদিকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছো ৷ তেওঁলোকৰ বেছিভাগেই পেলেষ্টাইনী ৷ ইজৰাইলে গাজাত কৰা বিমান আক্ৰমণৰ ফলত এতিয়ালৈ 14 গৰাকী সাংবাদিক মৃত্যুৰ মুখত পৰিছে । যুদ্ধৰ প্ৰথম দিনকেইটাত আমি কোনো ইজৰাইলী সাংবাদিকৰ মৃত্যুৰ বিষয়ে তথ্য পোৱা নাছিলো । শেহতীয়া তথ্য অনুসৰি, হামাছৰ প্ৰাৰম্ভিক আক্ৰমণত কমেও তিনিজন লোক নিহত হৈছে । আন এজন ইজৰাইলী সাংবাদিক কিবুটজৰ এটা সংগীতানুষ্ঠানত উপস্থিত আছিল ৷ পৰৱৰ্তী সময়ত তেওঁৰ চিনাক্তকৰণ কৰা হয় ৷"

শেহতীয়া এক তথ্য অনুসৰি, মৃত সাংবাদিকসকলৰ ভিতৰত পাঁচগৰাকী মহিলা আছিল ৷ তাৰে তিনিগৰাকী পেলেষ্টাইনী আৰু দুগৰাকী ইজৰাইলী। এই সংঘাতত আন বহুতো সাংবাদিক আহত হৈছে ৷ লগতে কিছু সন্ধানহীন আৰু বন্দী হৈ আছে বুলি ধাৰণা কৰা হৈছে। গাজা আক্ৰমণ বন্ধ হোৱাৰ পিচতেই মৃত সাংবাদিকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰিছে নেশ্যনেল প্ৰেছ ক্লাবে ।

"এই যুঁজত সাংবাদিকসকলে অত্যন্ত বিপদজনক পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে, সেইবাৰে আমি তেওঁলোকৰ সুৰক্ষাৰ বাবে অত্যন্ত চিন্তিত ৷ যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে বুধবাৰে ইজৰাইল চৰকাৰৰ সৈতে সাক্ষাৎ কৰে, আমি তেওঁলোকক অনুৰোধ জনাওঁ যে, তেওঁলোকে যুদ্ধক্ষেত্ৰত তথ্য সংগ্ৰহ কৰা সকলো সাংবাদিকৰ সুৰক্ষাৰ বিষয়টোও যাতে উত্থাপন কৰে ।" বিবৃতিখনত উল্লেখ কৰে ৷

1908 চনত স্থাপিত, নেচনেল প্ৰেছ ক্লাব হৈছে সাংবাদিকসকলৰ বাবে বিশ্বৰ আগশাৰীৰ পেছাদাৰী সংগঠন । প্ৰায় প্ৰতিটো মুখ্য সাংবাদিকতা সংগঠনক প্ৰতিনিধিত্ব কৰা এই ক্লাবত 3,000 সদস্য আছে ৷ এই ক্লাবে বিশ্বব্যাপী সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ বাবে কাম কৰি আহিছে ৷

লগতে পঢ়ক: Gaza hospital blast : ইজৰাইল ভ্ৰমণৰ সময়ত সামগ্ৰিক পৰিস্থিতৰ বুজ ল'ব বাইডেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.