ETV Bharat / international

Terror alert in Brussels : সন্ত্ৰাসবাদীৰ আশংকাত বন্ধ কৰিবলগীয়া হ’ল ৰোমাঞ্চকৰ ফুটবল মেচ

ব্ৰুচেলত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনকৈ নাগৰিকৰ ৷ আক্ৰমণৰ পিচতে প্ৰশাসনে বাতিল কৰিলে ফুটবল মেচ ৷ ঘটনা সংঘটিত কৰাৰ পিচত সামাজিক মাধ্যমযোগে ঘটনাৰ বাবে দায়িত্ব স্বীকাৰ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ৷ বৰ্তমানেও আশংকা-উৎকণ্ঠা অব্যাহত দেশখনত ৷ ইউৰোপীয় সংসদৰ অধ্যক্ষ ৰবাৰ্টা মেটছ’লাই ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে ৷

Gunman kills two Swedes in Brussels
দুৰ্বৃত্তৰ বাবে বন্ধ কৰিবলগীয়া হ’ল ৰোমাঞ্চকৰ ফুটবল মেচ
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:42 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 17 অক্টোবৰ: দুৰ্বৃত্তৰ বাবে বন্ধ কৰিবলগীয়া হ’ল এখন ফুটবল মেচ ৷ উল্লেখ্য যে, মঙলবাৰৰ পুৱা বেলজিয়াম আৰক্ষীয়ে এজন বন্দুকধাৰীক বিচাৰি মাৰাথন অভিযান অব্যাহত ৰাখিছে ৷ সন্দেহযুক্ত সন্ত্ৰাসবাদীজনে দুজনকৈ ছুইডেন নাগৰিকক হত্যা কৰা পিচতে নিশাৰ ভিতৰতে অন্তৰ্ধান হৈ পৰে বুলি অভিযোগ উত্থাপিত হৈছে । সন্ত্ৰাসবাদীজনে এনে এক আশংকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে দেশখনৰ প্ৰশাসনে বেলজিয়াম-ছুইডেনৰ মাজত অনুষ্ঠিত হ’বলগীয়া এখন ফুটবল খেল বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰিছিল ৷ তদুপৰি, সতৰ্কতামূলক ব্যৱস্থা হিচাপে 35 হাজাৰ খেলৰ অনুৰাগীক কেইবাঘণ্টা ধৰি ষ্টেডিয়ামৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল বুলি জানিব দিয়ে ।

  • More footage of the terrorist in Brussels: Almost 4 hours have passed, and the ISIS Muslim terrorist has still not been caught.

    Due to the terrorist attack, it was decided to postpone the Belgium-Sweden football match. It is known so far that the 45 year old man is from Tunisia pic.twitter.com/wckTRDRZWn

    — News from Ukraine (@uasupport999) October 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ফেডাৰেল প্ৰচিকিউটৰৰ কাৰ্যালয়ৰ মুখপাত্ৰ ভ্যান ডুয়েছে কয় যে সন্দেহযুক্ত সন্ত্ৰাসবাদীজনে নিজকে ইছলামিক ষ্টেটৰ দ্বাৰা অনুপ্ৰাণিত বুলি দাবী কৰিছে । ছুইডেনত বাস কৰা এজন ইৰাকী শৰণাৰ্থীয়ে ৰাজহুৱাভাৱে কোৰাণ জ্বলোৱাৰ ফলত ইছলামিক উগ্ৰপন্থী সংগঠনৰ ভাবুকিৰ সন্মুখীন হৈছিল দেশখনে ৷ ইয়াৰ পিছতে আগষ্ট মাহত দেশখনত সন্ত্ৰাসবাদী কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ইজৰাইল-হামাছ যুদ্ধৰ সৈতে এই ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি ভ্যান ডুয়েছে স্পষ্ট কৰি দিছে । বেলজিয়ামত সন্ত্ৰাসবাদ বিৰোধী কেন্দ্ৰটোৱে কয় যে ৰাজধানীখনত সন্ত্ৰাসবাদী সৰ্তকতাৰ সূচাংকৰ স্থান 4 লৈ বৃদ্ধি পাইছে ৷ ইয়াৰ পূৰ্বে ইয়াৰ স্থান আছিল দ্বিতীয় । এই সূচাংক বিপদজনক বুলি বিবেচিত হৈছে ৷

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি কমলা ৰঙৰ কাপোৰ পিন্ধি স্কুটাৰত আহিছিল সন্দেহযুক্ত সন্ত্ৰাসবাদীজন ৷ সন্ত্ৰাসবাদীজনে স্কুটাৰখন ৰখোৱাৰ পিচতে অস্ত্ৰ উলিয়াই পথচাৰীৰ ওপৰত গুলীচালনা কৰাৰ ভিডিঅ’ স্থানীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে । এই আক্ৰমণৰ ফলত ছুইডেনৰ দুজন লোক নিহত হোৱাৰ উপৰিও স্থানীয় এজন টেক্সি চালক আঘাতপ্ৰাপ্ত হয় ৷ বৰ্তমান লোকজন বিপদসীমাৰ বাহিৰত ৷

ইয়াৰ পিছতে আক্ৰমণকাৰীয়ে স্কুটাৰখন তীব্ৰ বেগেৰে চলায় ঘটনাস্থলীৰ পৰা আঁতৰি যায় ।

ইউৰোপীয় সংসদৰ অধ্যক্ষ ৰবাৰ্টা মেটছ’লাই নিশা ব্ৰুচেলত সংঘটিত হোৱা নিৰ্বিচাৰ হত্যাকাণ্ডত আতংকিত বুলি অনুভৱ ব্যক্ত কৰে । তেওঁ লগতে কয়, "আমাৰ সমাজত সন্ত্ৰাস আৰু উগ্ৰবাদৰ কোনো স্থান নাই । মানুহে নিৰাপদ অনুভৱ কৰিব লাগিব । ঘৃণাক জয়ী হ'বলৈ দিয়া নহ’ব ।"

লগতে পঢ়ক: Biden on israel palestine conflict : বুধবাৰে ইজৰাইললৈ যাত্ৰা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.