নিউজ ডেস্ক, 21 অক্টোবৰ : প্ৰায় চাৰি বছৰৰ পাচত শনিবাৰে ইছলামাবাদত উপস্থিত হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ ৷ চাৰি বছৰে লণ্ডনত আশ্ৰয় লৈ থকা প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী শ্বৰীফে আজি এখন বিশেষ বিমান যোগে ডুবাইৰ পৰা ইছলামাবাদত উপস্থিত হয় ৷
পাকিস্তান মুছলিম লীগ-নৱাজ চমুকৈ পি এম এল- এনৰ মুৰব্বী শ্বৰীফক বিমান বন্দৰত উষ্ম আদৰণি জনাই দলীয় কৰ্মীসকলে ৷ ইফালে পাকিস্তানৰ ৰাজপথৰ দুয়ো কাষে নৱাজ শ্বৰীফৰ ফটো সম্বলিত ডাঙৰ ডাঙৰ বেনাৰ অঁৰা দেখা গ’ল ৷
দ্য ডন নিউজৰ মতে, প্ৰাক্তন আইন মন্ত্ৰী তথা এসময়ৰ সতীৰ্থ আজম তাৰাৰ আৰু দলৰ নেতাই পি এম এল-এনৰ মুৰব্বী শ্বৰীফক বিমানবন্দৰত উষ্ম আদৰণি জনায় ৷
ইফালে বিমান বন্দৰৰ পৰা ওলায়ে দলীয় সভাত অংশ লয় শ্বৰীফে ৷ প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী শ্বৰীফৰ ভাষণ শুনিবলৈও হাজাৰ হাজাৰ দলীয় কৰ্মী উপস্থিত হোৱা বুলি পাকিস্তনৰ সংবাদমাধ্যসমূহে সদৰী কৰিছে ৷
73 বছৰীয়া নেতা গৰাকীয়ে ইছলামাবাদত উপস্থিত হোৱাত দেশখনত চলি থকা ৰাজনৈতিক সংকট দূৰ হ’ব বুলি আশা কৰিছে পাকিস্তানৰ ৰাজনৈতিক মহলে ৷ কাৰণ জানুৱাৰী মাহত দেশখনত নিৰ্বাচন হোৱাৰ আশা প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, 2016 চনত পানামা পেপাৰছ ফাদিল হোৱাৰ পিচত দেশখনৰ উচ্চতম ন্যায়ালয়ে শ্বৰীফক প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য নহয় বুলি ঘোষণা কৰিছিল ৷ তাৰ পিচত 2017 চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ ত্যাগ কৰিছিল শ্বৰীফে ৷ আনহাতে দেশখনৰ উচ্চতম আদালতে শ্বৰীফক চাৰি সপ্তাহৰ বাবে জামিন দিয়াৰ পিচতে নৱাজে চিকিৎসাৰ বাবে 2019 চনৰ নৱেম্বৰত লণ্ডনলৈ ৰাওনা হৈছিল ৷
তেতিয়াৰ পৰাই লণ্ডত থকা পাক ৰাজনৈতিক নেতা শ্বৰীফে শনিবাৰে ইছলামাবাদ উপস্থিত হোৱাৰ পাচতে সৰ্বত্ৰে পুনৰ শ্বৰীফৰ নাম চৰ্চিত হৈছে ৷ ইফালে পানামা পেপাৰছ কেলেংকাৰীৰ সন্দৰ্ভত উঠা অভিযোগক অস্বীকাৰ কৰি ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অভিযোগ বুলি দাবী কৰি আহিছে তিনিবাৰৰ প্ৰধানমন্ত্ৰী শ্বৰীফে ৷
লগতে পঢ়ক:Hamas Hostage Americans : হামাছে বন্দী কৰি ৰখা আমেৰিকান মাতৃ-কন্যাক মুক্তি; বাইডেনৰ স্বাগতম