ETV Bharat / international

Shah Mehmood Qureshi Arrested: পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিক গ্ৰেপ্তাৰ - Express Tribune news on Qureshi

পাকিস্তানৰ বাতৰিকাকত দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে, বুধবাৰে আবেলি আৰক্ষীয়ে পিটিআই নেতাজনক গ্ৰেপ্তাৰৰ চেষ্টা চলাইছিল যদিও বিফল হয় । পিছত তেওঁক ইছলামাবাদৰ গিলগিট-বাল্টিস্তান হাউছৰ পৰা জিম্মাত লোৱা হয় (Former Pak FM Mehmood Qureshi arrested) ।

Shah Mehmood Qureshi Arrested
Shah Mehmood Qureshi Arrested
author img

By

Published : May 11, 2023, 1:40 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ১১ মে' : পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফ দলৰ (Tehreek-e-Insaf) উপাধ্যক্ষ মখদুম শ্বাহ মেহমুদ কুৰেশ্বিক বৃহস্পতিবাৰে ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ লৈ যায় (PTI Vice Chairman Shah Mehmood Qureshi arrested) । প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান নেতৃত্বাধীন পাক ৰাজনৈতিক দলটোৱে বৃহস্পতিবাৰে টুইট কৰি কয়, "তেহৰিক-ই-ইনচাফৰ উপাধ্যক্ষ মখদুম শ্বাহ মেহমুদ কুৰেশ্বিক ইছলামাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰিছে (Shah Mehmood Qureshi Arrested) ।"

পাকিস্তানৰ বাতৰিকাকত দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে (Express Tribune news on Qureshi), বুধবাৰে আবেলি কুৰেশ্বিক গ্ৰেপ্তাৰৰ চেষ্টা চলোৱা হয় যদিও তাত আৰক্ষী বিফল হয় । পিছত পিটিআই নেতাজনক ইছলামাবাদৰ গিলগিট-বাল্টিস্তান হাউছৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত লয় । কুৰেশ্বিক আৰক্ষীয়ে পঞ্জাব আৰু খাইবাৰ পাখতুনখোৱাত হোৱা সংঘৰ্ষ আৰু অগ্নিসংযোগৰ অভিযোগত বিচাৰি আছিল ।

ইফালে গ্ৰেপ্তাৰৰ পূৰ্বে কুৰেশ্বিয়ে পিটিআই কৰ্মীসকলক দেশত প্ৰকৃত স্বাধীনতাৰ বাবে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায় । এক বাৰ্তাত তেওঁ কয় যে ইয়াৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই । কিয়নো তেওঁ একো ভুল কৰা নাই । আনহাতে, পিটিআই নেতাজনে দলৰ অধ্যক্ষ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত উদ্ভৱ হোৱা শেহতীয়া হিংসাত্মক প্ৰতিবাদত ৫০ জন লোক হতাহত হোৱাৰ বাবেও শোক প্ৰকাশ কৰে (violence after Imran Khan arrest) ।

তেওঁ উল্লেখ কৰে যে এটা সাৰ্থক কাৰণৰ বাবে ত্যাগৰ প্ৰয়োজন আৰু পিটিআই আৰু ইয়াৰ কৰ্মীসকলে এনে এক যোগ্য কাৰণৰ বাবে তেওঁলোকৰ কাম অব্যাহত ৰাখিব । তেওঁ পিটিআই কৰ্মীসকলক প্ৰকৃত স্বাধীনতাৰ বাবে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ আৰু ইমৰাণ খান মুক্ত নোহোৱালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।

কুৰেশ্বিয়ে লগতে এই কথা জোৰ দি কয় যে ইমৰাণ খান আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত লাহোৰৰ ক'ৰ্পছ কমাণ্ডাৰ ঘটনাৰ অভিযোগ এটা ভুল অভিযোগ । তেওঁ দলৰ কৰ্মীসকলক শান্ত হৈ থাকিবলৈ আৰু তেওঁলোকৰ উদ্দেশ্যত অটল থাকিবলৈও আহ্বান জনায় । পিটিআই নেতাজনে তেওঁ থকা স্থানত আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ সময়ত এটা বিবৃতিও লিপিবদ্ধ কৰি কয় যে পিটিআই হৈছে প্ৰকৃত স্বাধীনতাৰ এক আন্দোলন আৰু সকলোৱে ইয়াত অৰিহণা যোগাইছে ।

ইফালে পিটিআইৰ জ্যেষ্ঠ উপ-সভাপতি ফাৱাদ চৌধুৰীক বুধবাৰে ইছলামাবাদ উচ্চতম ন্যায়ালয়ৰ (এছচি) বাহিৰত গ্ৰেপ্তাৰ কৰা হয় বুলি জিঅ' নিউজে প্ৰকাশ কৰিছে । পিটিআই নেতা আৰু কৰ্মীসকলৰ ওপৰত চলি থকা অভিযানৰ মাজতে এই কথা প্ৰকাশ্যে আহিছে । বাতৰি অনুসৰি, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ফাৱাদ চৌধুৰী স্থানীয় সময় অনুসৰি পুৱা ১১ বজাৰ পৰা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ ভিতৰত আছিল ।

কিন্তু শীৰ্ষ আদালতৰ চৌহদৰ পৰা ওলাই অহাৰ পিছতে চৌধুৰীক গ্ৰেপ্তাৰ কৰা হয় । ইছলামাবাদ আৰক্ষীয়ে চৌধুৰীক ৰাজহুৱা অধ্যাদেশ ৰক্ষণাবেক্ষণৰ (Maintenance of Public Ordinance) ধাৰা ৩-ৰ অধীনত গ্ৰেপ্তাৰ কৰে আৰু তেওঁক সচিবালয় আৰক্ষী থানালৈ স্থানান্তৰিত কৰে ।

উল্লেখ্য, মঙলবাৰে পিটিআইৰ অধ্যক্ষ ইমৰাণ খানক এটা প্ৰতাৰণা গোচৰত গ্ৰেপ্তাৰ কৰা হয় আৰু পুলিচ লাইনছ মুখ্য কাৰ্যালয়ত দায়বদ্ধতা আদালতত হাজিৰ কৰোৱা হয় । দায়বদ্ধতা ব্যুৰোৱে পুলিচ লাইনছত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ তদন্ত কৰিব । ইফালে ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ পিছতে পাকিস্তানত প্ৰতিবাদৰ সূত্ৰপাত হৈছে । প্ৰতিবাদৰ ফলত ধন-জনৰ ব্যাপক ক্ষতি হৈছে ।

লগতে পঢ়ক :Toshakhana corruption case : টোছাখানা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হ’ল ইমৰাণ খান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.