নিউজ ডেস্ক, ২৭ অক্টোবৰ : তৃতীয় ত্ৰৈমাসিকত মেটাৰ (Meta) ব্যাপক বিজ্ঞাপন ব্যয়ৰ মন্দাৱস্থাৰ বাবে বছৰটোত 4 শতাংশ ৰাজহ লোকচান হৈছে (4 per cent revenue loss by Meta) । আনহাতে, ৱাল ষ্ট্ৰীটৰ এষ্টিমেটবোৰ (Wall Street estimates) নিম্নশাৰীলৈ অৱনমিত হোৱাত গুৰুত্বপূৰ্ণ মেটাভাৰ্চ বিনিয়োগে (metaverse investments) উপাৰ্জনত উজুতি খোৱাটো অব্যাহত আছিল । বিভিন্ন প্ৰতিবেদনে এই কথা প্ৰকাশ কৰিছে । প্ৰতিষ্ঠানটোৱে কয় যে ইয়াৰ ফ্লেগশ্বিপ ফেচবুক এপটোৰ (Facebook app) তৃতীয় ত্ৰৈমাসিকত গড়ে 1.984 বিলিয়ন দৈনিক সক্ৰিয় ব্যৱহাৰকাৰী আছিল, যিটো আগৰ তিনিমাহৰ তুলনাত প্ৰায় 16 নিযুত অধিক ।
ফেচবুক ডিএইউ (Facebook DAUs) পূৰ্বতে 2021 চনৰ চতুৰ্থ ত্ৰৈমাসিকত প্ৰায় 1 নিযুত হ্ৰাস পাইছিল । ভেৰাইটিৰ মতে, মেটাই তৃতীয় ত্ৰৈমাসিকৰ বাবে মুঠ ৰাজহ 27.71 বিলিয়ন আমেৰিকান ডলাৰ আৰু মুঠ উপাৰ্জন 4.4 বিলিয়ন আমেৰিকান ডলাৰ বুলি জনাইছে, যিটো বছৰত 52 শতাংশ হ্ৰাস পাইছে আৰু ৱাল ষ্ট্ৰীটৰ অনুমানতকৈ কম ।
ভেৰাইটিয়ে ৰিফাইনিটিভ তথ্যৰ উদ্ধৃতি দি কৈছে, বিশ্লেষকসকলে 27.38 বিলিয়ন আমেৰিকান ডলাৰৰ ৰাজহ আশা কৰিছিল । এলফাবেট (Alphabet, গুগল আৰু ইউটিউবৰ অভিভাৱক) আৰু স্নেপ (Snap) দুয়োটায়ে তৃতীয় ত্ৰৈমাসিকত উপাৰ্জনৰ লোকচানৰ প্ৰতিবেদন দিছে । ইয়াৰ কাৰণ হৈছে এই সময়ছোৱাত বিজ্ঞাপন ব্যয়ৰ অৱনতি । অৱশ্যে মেটাই চতুৰ্থ ত্ৰৈমাসিকৰ বাবে ৰাজহ হ্ৰাস হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে, যাৰ ফলত 30 বিলিয়ন আমেৰিকান ডলাৰৰ বিক্ৰী 32.5 বিলিয়ন আমেৰিকান ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে । যিটো পূৰ্বৰ বছৰৰ তুলনাত 3.5 শতাংশৰ পৰা 11 শতাংশ হ্ৰাস ।
উপাৰ্জন বিফলতা আৰু চতুৰ্থ ত্ৰৈমাসিকৰ ৰাজহ পৰিকল্পনাৰ ফলত ঘণ্টাৰ ভিতৰতে ব্যৱসায়ত মেটা শ্বেয়াৰ 18 শতাংশতকৈও অধিক হ্ৰাস পাইছে । বৰ্তমানলৈকে ষ্টক 68 শতাংশতকৈও অধিক হ্ৰাস হৈছে । মেটাৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে (Meta chief Mark Zuckerberg) কয়, "আমাৰ সম্প্ৰদায়ৰ বিকাশ অব্যাহত আছে আৰু আমি আমাৰ ডিস্ক'ভাৰী ইঞ্জিন আৰু ৰিলৰ দৰে সামগ্ৰীৰ প্ৰগতিত সন্তুষ্ট।"
"যদিও আমি ৰাজহৰ ক্ষেত্ৰত সময়ে সময়ে প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, শক্তিশালী ৰাজহ বৃদ্ধিলৈ ঘূৰি অহাৰ বাবে মৌলিক বিষয়বোৰ আছে । আমি ২০২৩ চনৰ কাষ চাপিছোঁ প্ৰাথমিকতা আৰু দক্ষতাৰ ওপৰত গুৰুত্ব দি । যিয়ে আমাক বৰ্তমানৰ পৰিৱেশটো তৈয়াৰ কৰাত সহায় কৰিব আৰু আৰু অধিক শক্তিশালী কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰিব ।" তেওঁ লগতে কয় । ইফালে মেটাই ইয়াৰ মেটাভাৰ্চ প্ৰকল্পত কোটি কোটি বিনিয়োগ কৰি আহিছে । অতি শেহতীয়াকৈ উচ্চ মানৰ মেটা কোৱেষ্ট প্ৰ' হেডগিয়াৰ (1,500 আমেৰিকান ডলাৰ) মুকলি কৰিছে ।
লগতে পঢ়ক :Loan Burden: সহজলভ্য ঋণে অজানিতে মাতিব পাৰে ডাঙৰ বিপদ