নেশ্যনেল ডেস্ক,17 আগষ্ট: ব্ৰিটিছ ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিবলৈ মন মেলিছে টুইটাৰৰ গৰাকী এলন মাস্কে(Elon Musk says buying British football club Manchester United) ৷ টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে টুইটযোগে এই কথা জানিবলৈ দিয়ে ৷ অৱশ্যে বৰ্তমানলৈ কিংবদন্তী ফুটবল দলটো অধিগ্ৰহণ কৰাৰ বাবে মাস্কে কিমান পৰিমাণৰ ধন বিনিয়োগ কৰিব সেই কথা স্পষ্ট কৰা নাই । ক্লাবটোৰ শেহতীয়া বজাৰ মূল্য প্ৰায় ২.০৮ বিলিয়ন ডলাৰ ।
'আপোনালোকলৈ স্বাগতম, মই মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিবলৈ আগবাঢ়িছো ' এটা টুইট যোগে এলন মাস্কে এনেদৰে ঘোষণা কৰে ৷ অৱশ্যে ঘোষণাটো মাস্কে কিমান গুৰুত্ব সহকাৰে কৰিছিল সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই ৷ উল্লেখ্য যে বৰ্তমানে আমেৰিকাৰ গ্লেজাৰ পৰিয়ালৰ মালিকানাধীন হৈ থকা ক্লাবটো গ্লেজাৰ পৰিয়ালে ২০০৫ চনত প্ৰায় ৭৯ কোটি পাউণ্ডৰ বিনিময়ত ক্ৰয় কৰিছিল ।
এটা ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ থকাৰ সময়ত তথা আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনৰ পূৰ্বে মাস্কে ৰিপাব্লিকান পাৰ্টি আৰু ডেম'ক্ৰেটিক পাৰ্টিলৈ সমপৰ্যায়ৰ সমৰ্থন আছে বুলি মন্তব্য আগবঢ়াইছিল ৷
ইংৰাজ ফুটবল লীগৰ শীৰ্ষ প্ৰিমিয়াৰ লীগৰ প্ৰতিযোগিতাত এই ক্লাবটোৱে অংশগ্ৰহণ কৰে । নিউটন হিথ এল ৱাই আৰ ফুটবল ক্লাবত ৰেড ডেভিলছ নামেৰে ১৮৭৮ চনত আত্মপ্ৰকাশ কৰা দলটো পৰৱৰ্ত্তী সময়ত নাম সলনি কৰি মানচেষ্টাৰ ইউনাইটেড হয় ৷ ২০ টা লীগ খিতাপ, ১২ টা এফ এ কাপ, ৫ টা লীগ কাপ আৰু অভিলেখ ২১ টা এফ এ কমিউনিটি শ্বিল্ড লাভেৰে ইতিমধ্যে অভিলেখ গঢ়া দলটোৰ বিশেষ প্ৰতিদ্বন্দ্বিতা আছে লিভাৰপুল, মানচেষ্টাৰ চিটি, আৰ্চেনাল আৰু লিডছ ইউনাইটেডৰ সৈতে ৷
লগতে পঢ়ক: ছেপ্টেম্বৰৰ শেষত মুদ্ৰাস্ফীতিৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা