ETV Bharat / international

Maldives garage fire: মালদ্বীপৰ ভয়ংকৰ অগ্নিকাণ্ডত ৮ ভাৰতীয়ৰ মৃত্যু - Maldives fire kills 8 Indians

মালদ্বীপৰ ৰাজধানী চহৰ মালেত সংঘটিত অগ্নিকাণ্ডত ৮ গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে (Eight Indians died in Maldives fire)। অগ্নিকাণ্ডত মৃত্যু হোৱা ২ গৰাকী লোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । আৱাসিক এলেকাৰ গেৰেজত লাগিছিল জুই ।

Maldives garage fire
মালদ্বীপৰ ভয়ংকৰ অগ্নিকাণ্ডত ৮ ভাৰতীয়ৰ মৃত্যু
author img

By

Published : Nov 10, 2022, 4:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : মালদ্বীপৰ ৰাজধানী মালেত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Massive fire in Maldives)। অগ্নিকাণ্ডত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । লক্ষণীয়ভাৱে ১০ গৰাকীৰ ভিতৰত ৮ গৰাকীয়ে ভাৰতীয় বুলি জানিব পৰা গৈছে (Maldives fire kills 8 Indians)। ভাৰতীয় উচ্চায়ুক্তৰ এগৰাকী বিষয়াই জনোৱা মতে বৃহস্পতিবাৰে পুৱতি নিশা মালদ্বীপৰ ৰাজধানীত চহৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ।

বিদেশী শ্ৰমিক থকা এটা আৱাসৰ তলৰ গেৰেজত প্ৰথমে জুই সূত্ৰপাত হয় । ফলত সমগ্ৰ অঞ্চলটো জুইয়ে আৱৰি ধৰে । এই অগ্নিকাণ্ডত ১০ গৰাকী লোকৰ মৃত্যু হৈছে আৰু তেওঁলোকৰ ভিতৰত ৮ গৰাকীয়ে ভাৰতীয় নাগৰিক । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তথ্য অনুসৰি পুৱা প্ৰায় ১২.৩০ মান বজাত মাভেয়ো মছজিদৰ সমীপৰ এম নিৰুফেহী অঞ্চলত এই অগ্নিকাণ্ড সংঘটিত হয় ।

টুইটযোগে সমগ্ৰ ঘটনাটো বিশ্লেষণ কৰিছে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে । ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া ৰামধীৰ সিঙে জনোৱা মতে অগ্নিকাণ্ডত নিহত লোক কেইগৰাকীৰ ভিতৰত এতিয়াও দুগৰাকী কোন দেশৰ সেয়া জানিব পৰা হোৱা নাই । ইয়াৰ পূৰ্বে এক টুইটযোগে ভাৰতীয় উচ্চায়ুক্তই মালেত সংঘটিত শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাত ভাৰতীয় নিহত হোৱাৰ খবৰ দিয়াৰ লগতে শোক প্ৰকাশ কৰে । মালদ্বীপৰ প্ৰশাসনৰ সৈতে যোগাযোগত আছে বুলিও উল্লেখ কৰে উচ্চায়ুক্তৰ বিষয়াই ।

জানিব পৰা মতে গেৰেজটো তলৰ মহলাত অৱস্থিত । আনহাতে প্ৰথম মহলাত আছিল প্ৰব্ৰজনকাৰী শ্ৰমিক । প্ৰতিবেদন অনুসৰি শ্ৰমিকসকল থকা আৱাসটোত কেৱল এখনে খিৰিকী আছিল ।মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ মতে ২৮ গৰাকী লোকক ভৱনটোৰ পৰা উদ্ধাৰ কৰা হৈছে ।

তেওঁলোকৰ ৭ গৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে, আনহাতে দুজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে । সংকটজনক অৱস্থাত তেওঁলোকক ইন্দিৰা গান্ধী মেম'ৰিয়েল হাস্পটাললৈ প্ৰেৰণ কৰা হৈছে বুলি কোৱা হৈছে ।

জানিব পৰা মতে পুৱা প্ৰায় ৪.৩০ মান বজাত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনী । ইফালে গেৰেজটোত যোৱা মাহত দুবাৰকৈ অগ্নিকাণ্ড সংঘটিত হৈছে । চহৰখনত বাস কৰা সৰহ সংখ্যাক বিদেশী শ্ৰমিকে বাংলাদেশ, ভাৰত, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.