ETV Bharat / international

Indo China relationship: চীনৰ দখললৈ অৰুণাচল প্ৰদেশ, গ্ল’বেল টাইমছৰ টুইট

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 2:18 PM IST

2023 বৰ্ষৰ চীনৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ’ব ভাৰতৰ অৰুণাচল প্ৰদেশ ৷ গ্ল’বেল টাইমছে এক টুইটযোগে জনায় এই কথা ৷

global times latest news
চীনৰ দখললৈ অৰুণাচল প্ৰদেশ

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 আগষ্ট: চীনৰ মানচিত্ৰত এইবাৰ অন্তৰ্ভুক্ত হ’ব ভাৰতৰ তথা নৰ্থ-ইষ্টৰ ৰাজ্য অৰুণাচল প্ৰদেশ ৷ সোমবাৰে চীনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে 2023 চনৰ তথা পৰৱৰ্তী সংস্কৰণৰ চীনৰ মানচিত্ৰখনত অৰুণাচল প্ৰদেশ, আকছাই চিন অঞ্চল, টাইৱান আৰু বিবাদিত দক্ষিণ চীন সাগৰৰ ওপৰত নিজৰ দাবীকে ধৰি বিতৰ্কিত অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে বুলি । আনহাতে, ভাৰতে বাৰে বাৰে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি দাবী কৰি অহাৰ পিচতো দেশখনৰ এই ঘোষণাই দুয়োখন দেশৰ সম্পৰ্ক সন্দৰ্ভত ।

সোমবাৰে চীনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে 2023 চনৰ সংস্কৰণৰ আদর্শ মানচিত্রখনত য’ত অৰুণাচল প্ৰদেশ, আকছাই চিন অঞ্চল, টাইৱান আৰু বিবাদিত দক্ষিণ চীন সাগৰৰ ওপৰত নিজৰ দাবীকে ধৰি বিতৰ্কিত অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে । এই মানচিত্ৰখন চীন আৰু বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় সীমা অংকন পদ্ধতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে বুলি পোষ্টটোত উল্লেখ কৰা হৈছে । গ্ল’বেল টাইমছে প্ৰদৰ্শিত মানচিত্ৰতো চীনে দক্ষিণ তিব্বত বুলি দাবী কৰা অৰুণাচল প্ৰদেশ আৰু 1962 চনৰ যুদ্ধত চীনে দখল কৰা আক্সাই চীন দেখুৱাইছিল ।

  • The 2023 edition of China's standard map was officially released on Monday and launched on the website of the standard map service hosted by the Ministry of Natural Resources. This map is compiled based on the drawing method of national boundaries of China and various countries… pic.twitter.com/bmtriz2Yqe

    — Global Times (@globaltimesnews) August 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতে বাৰে বাৰে চীনক কৈ আহিছে যে "অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংশ হয় আৰু সদায়ে হৈ থাকিব ।" মানচিত্ৰখনত বিচ্ছিন্ন হৈ পৰা টাইৱান দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ এক বৃহৎ অংশ দাবী কৰা নটা ডেছ লাইনৰ ওপৰত চীনৰ দাবীও সন্নিবিষ্ট কৰা হৈছে ।

চীনে টাইৱানক নিজৰ মূল ভূখণ্ডৰ অংশ বুলি দাবী কৰিছে আৰু মূল ভূখণ্ডৰ সৈতে ইয়াৰ একত্ৰীকৰণ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ লক্ষ্য । BRICKS সন্মিলনত দেশখনৰ ৰাষ্ট্ৰপতিৰে সৈতে বৈঠকত বহাৰ পিচতে দেশখনে ঘোষণা কৰা এনে ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: G20 in Delhi: G20 ৰ সন্মিলনত বিশেষ গুৰুত্ব পাব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.