ETV Bharat / international

চোমালিয়াৰ ওচৰত ১৫ ভাৰতীয়সহ কাৰ্গো জাহাজ অপহৰণ

author img

By ANI

Published : Jan 5, 2024, 1:24 PM IST

MV LILA NORFOLK : অপহৃত জাহাজখনত ১৫ জন ভাৰতীয় আছে আৰু কৰ্মচাৰীসকলৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে । আনহাতে, সামৰিক বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া চোমালিয়া উপকূলৰ পৰা জাহাজখন অপহৰণৰ তথ্য লাভ কৰা হৈছিল । ইফালে ভাৰতীয় নৌসেনাৰ বিমানে জাহাজখন নিৰীক্ষণ কৰা থকা বুলিও জনায় ।

MV LILA NORFOLK
চোমালিয়াৰ ওচৰত ১৫ ভাৰতীয়সহ কাৰ্গো জাহাজ অপহৰণ

ইণ্টাৰনেচনেল ডেস্ক, ৫ জানুৱাৰী : ছোমালিয়াৰ উপকূলৰ ওচৰত বৃহস্পতিবাৰে সন্ধিয়া 'এমভি লিলা নৰফ'ক' নামৰ এখন মালবাহী জাহাজ অপহৰণ কৰা হয় । ভাৰতীয় নৌসেনাই এই ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু এখন যুদ্ধজাহাজ ততাতৈয়াকৈ প্ৰেৰণ কৰিছে । শুকুৰবাৰে সামৰিক বিষয়াসকলে এই কথা কয় ।

উল্লেখ্য যে, অপহৃত জাহাজখনত ১৫ জন ভাৰতীয় আছে আৰু কৰ্মচাৰীসকলৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে । আনহাতে, সামৰিক বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া চোমালিয়া উপকূলৰ পৰা জাহাজখন অপহৰণৰ তথ্য লাভ কৰা হৈছিল । ইফালে ভাৰতীয় নৌসেনাৰ বিমানে জাহাজখন নিৰীক্ষণ কৰা থকা বুলিও জনায় ।

ইয়াৰ উপৰি ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আইএনএছ চেন্নাই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অপহৃত জাহাজখনৰ দিশে আগবাঢ়িছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, জাহাজখন ব্ৰাজিলৰ পোৰ্তো ডু আকুৰ পৰা বাহৰেইনৰ খলিফা বিন চলমান বন্দৰলৈ গৈ আছিল আৰু ১১ জানুৱাৰীত লংগৰ পেলোৱাৰ আশা আছিল । জাহাজ ফাইণ্ডাৰৰ মতে, জাহাজখনৰ পৰা অন্তিমটো নিয়মীয়া যোগাযোগ 30 ডিচেম্বৰত লাভ কৰা হৈছিল ।

উল্লেখ্য যে, শেহতীয়াভাৱে ব্যৱসায়িক/মালবাহী জাহাজ অপহৰণৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে বিগত কেইদিনমান ধৰি অঞ্চলটোৰ পৰিস্থিতি বিশেষকৈ এডেন উপসাগৰ আৰু উত্তৰ আৰব সাগৰত নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে । সেয়েহে অঞ্চলটোত থকা আইএনএছ চেন্নাইক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নিয়োজিত কৰা হৈছে ।

আনহাতে, ভাৰতীয় নৌসেনাৰ মিছন ডিপ্লয়ড প্লেটফৰ্মে আৰব সাগৰত সংঘটিত এই সামুদ্ৰিক ঘটনাৰ দ্ৰুত সঁহাৰি প্ৰদান কৰিছে । জাহাজখনে ইউকেএমটিঅ' (UKMTO) পৰ্টেলত এটা বাৰ্তা প্ৰেৰণ কৰিছে । বাৰ্তাটোত ৪ জানুৱাৰীৰ সন্ধিয়া প্ৰায় পাঁচৰ পৰা ছয়জন অজ্ঞাত সশস্ত্ৰ কৰ্মীয়ে অপহৰণ কৰাৰ ইংগিত দিয়া হৈছে ।

এই পৰিস্থিতিৰ প্ৰতি দ্ৰুত সঁহাৰি জনাই ভাৰতীয় নৌসেনাই এক এমপিএ আৰম্ভ কৰে আৰু জাহাজখনক সহায় কৰিবলৈ সামুদ্ৰিক সুৰক্ষা অভিযানৰ বাবে নিয়োজিত আইএনএছ চেন্নাইক প্ৰেৰণ কৰিছে । বিমানখনে শুকুৰবাৰে পুৱাৰ ভাগত জাহাজখনৰ দিশে উৰা মাৰিছে আৰু জাহাজখনৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে । লগতে কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিছে ।

নৌসেনাৰ বিমানে জাহাজখনৰ গতিবিধি নিৰীক্ষণ অব্যাহত ৰাখিছে আৰু আইএনএছ চেন্নায়ে সহায় আগবঢ়োৱাৰ বাবে জাহাজখনৰ ওচৰ চাপি আছে । আনহাতে, অঞ্চলটোৰ অন্যান্য সংস্থা/এমএনএফৰ সৈতে সমন্বয় স্থাপন কৰি সামগ্ৰিক পৰিস্থিতিটো নিৰীক্ষণ কৰা হৈছে ।

উল্লেখ্য যে, ভাৰতীয় নৌসেনাই আন্তৰ্জাতিক অংশীদাৰ আৰু বন্ধুত্বপূৰ্ণ বিদেশী দেশৰ সৈতে অঞ্চলটোত ব্যৱসায়িক জাহাজ চলাচলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বক প্ৰশংসাৰে ওপচালে চীনৰ সংবাদ মাধ্যমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.