ETV Bharat / international

ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালৰ ১৫ গৰাকী প্ৰধানমন্ত্ৰী

ব্ৰিটিছ সিংহাসনত 70 বছৰ কাল ৰাজত্ব কৰা ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালত উইনষ্টন চাৰ্চিলৰ পৰা মাৰ্গাৰেট থেচাৰলৈকে ,বৰিছ জনছনৰ পৰা লিজ ট্ৰাছলৈকে মুঠ ১৫ গৰাকী প্ৰধানমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰিছিল(Queen Elizabeth II) । ডেভিড কেমেৰন আছিল এলিজাবেথ দ্বিতীয়ৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি ।

author img

By

Published : Sep 9, 2022, 11:01 AM IST

15 British Prime Ministers served under Queen Elizabeth II
এলিজাবেথ দ্বিতীয়ৰ শাসনকালৰ ১৫ গৰাকী প্ৰধানমন্ত্ৰী

ইন্টাৰনেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: 7 টা দশক ধৰি ব্ৰিটেইনত ৰাজত্ব চলোৱা ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালত ১৫ গৰাকী প্ৰধানমন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰিছিল(15 British Prime Ministers served under Queen Elizabeth II)উইনষ্টন চাৰ্চিলৰ পৰা মাৰ্গাৰেট থেচাৰলৈকে ,বৰিছ জনছনৰ পৰা লিজ ট্ৰাছলৈকে । বৰ্ণিল জীৱন পৰিক্ৰমাৰ চিৰসমাপ্তি ঘটা ৰাণী এলিজাবেথ দ্বিতীয়ৰ 70 বছৰীয়া শাসনকালত কাৰ্যনিৰ্বাহ কৰা ১৫ গৰাকী প্ৰধানমন্ত্ৰীৰ বিষয়ে জানো আহক(Longest serving monarch in British history) -

উইনষ্টন চাৰ্চিল (১৯৫১-১৯৫৫): ১৯৫২ চনত এলিজাবেথৰ দ্বিতীয়ৰ পিতৃৰ মৃত্যুৰ পাছত চাৰ্চিলে এলিজাবেথ ‘মাত্ৰ সন্তান’ বুলি পোনপ্ৰথমে অভিযোগ কৰিছিল । দেশখনক আটাইতকৈ দীঘলীয়া সময় শাসন কৰিবলৈ সক্ষম হোৱা এলিজাবেথ 2য় ৰ প্ৰশংসাত অৱশ্যে কিছুদিনৰ ভিতৰতে চাৰ্চিল মন্ত্ৰমুগ্ধ হৈ পৰিছিল৷ পৃথিৱীৰ প্ৰতিটো চুক-কোণে বিচাৰিলেও এলিজাবেথৰ চৰিত্ৰটি ৰূপায়ণ কৰিব পৰা ব্যক্তি বিচাৰি উলিয়াব পৰাটো সম্ভৱ নহয় বুলি চাৰ্চিলে এবাৰ তেওঁৰ ভাষণ প্ৰসংগত বিশ্ব চলচ্চিত্ৰ উদ্যোগৰ লোকসকলক উদ্দ্যেশি কৈছিল ৷

15 British Prime Ministers served under Queen Elizabeth II
উইনষ্টন চাৰ্চিল

এন্থনী ইডেন (১৯৫৫–১৯৫৭): ১৯৫৬ চনৰ ছুয়েজ খাল সংকটৰ পিছত ইডেনে পদত্যাগ কৰে(1956 Suez Crisis)

এন্থনী ইডেন

হেৰল্ড মেকমিলানে (১৯৫৭–১৯৬৩): মেকমিলানে এবাৰ কৈছিল যে এলিজাবেথৰ অৰ্থ ‘পুতলা নহয়, ৰাণী হোৱা’ আৰু তেওঁৰ ‘পুৰুষৰ হৃদয় আৰু পেট’ আছে।

হেৰল্ড মেকমিলানে

এলেক ডগলাছ-হোম (১৯৬৩–১৯৬৪): ডগলাছ-হোম দ্বিতীয় এলিজাবেথৰ মাতৃৰ পৰিয়ালৰ বন্ধু আছিল । এবছৰৰ ভিতৰতে তেওঁ প্ৰধানমন্ত্ৰীত্বৰ পদ ত্যাগ কৰিছিল ।

এলেক ডগলাছ-হোম

হেৰল্ড উইলছন (১৯৬৪–১৯৭০): দ্বিতীয় এলিজাবেথৰ শাসন কালত শ্ৰমিক দলৰ পৰা নিৰ্বাচিত হোৱা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যাৰ ৰাণীৰ সৈতে সু-সম্পৰ্ক গঢ়ি উঠিছিল ।

হেৰল্ড উইলছন

এডৱাৰ্ড হিথ (১৯৭০–১৯৭৪): ৰক্ষণশীল নেতা যিয়ে ব্ৰিটেইনক ইউৰোপীয় সংঘৰ পূৰ্বসূৰী ‘ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়’লৈ স্থানান্তৰিত কৰিছিল(European Economic Community)

এডৱাৰ্ড হিথ

জেমছ কেলাঘান (১৯৭৬–১৯৭৯): কেলাঘানৰ কাৰ্যকাল অৰ্থনৈতিক মন্দাৱস্থা আৰু শ্ৰমিক সংঘৰ সৈতে সংঘাতৰ সময় আছিল৷

James Callaghan

মাৰ্গাৰেট থেচাৰ (১৯৭৯–১৯৯০): এলিজাবেথৰ ৰাজত্বকালত আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী । অৱশ্যে দুয়োগৰাকীৰ মাজৰ সম্পৰ্ক তিক্ত বুলি জনা যায় ।

মাৰ্গাৰেট থেচাৰ

জন মেজৰ (১৯৯০-১৯৯৭): কোনো সংকোচ-দ্বিধা নৰখাকৈ ৰাণীক যিকোনো কথা ক’ব পাৰি । নিজৰ মন্ত্ৰীসভাৰ সৈতে শ্বেয়াৰ কৰিব নোৱাৰা চিন্তাও এলিজাবেথ দ্বিতীয়ৰ সৈতে নি:সংকোচে শ্বেয়াৰ কৰিব পাৰিব বুলি এবাৰ মেজৰে প্ৰসংগক্ৰমে উল্লেখ কৰিছিল ।

জন মেজৰ

টনি ব্লেয়াৰ (১৯৯৭–২০০৭): ৰাণী এলিজাবেথ দ্বিতীয়ৰ দিনত জন্মগ্ৰহণ কৰা প্ৰথমজন ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল ব্লেয়াৰ । এই কথা উল্লেখ কৰি ৰাণীয়ে এবাৰ ব্লেয়াৰক কৈছিল, ‘তুমি মোৰ দশম প্ৰধানমন্ত্ৰী । প্ৰথমজন আছিল উইনষ্টন । এইটো তোমাৰ জন্মৰ আগৰ কথা ।'

টনি ব্লেয়াৰ

গৰ্ডন ব্ৰাউন (২০০৭-২০১০): ২০১০ চনৰ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ লজ্জাজনক প্ৰদৰ্শনে তেওঁৰ প্ৰধানমন্ত্ৰী পদৰ অন্ত পেলাইছিল ।

গৰ্ডন ব্ৰাউন

ডেভিড কেমেৰন (২০১০-২০১৬): দ্বিতীয় এলিজাবেথৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি । ৰাণীৰ পুত্ৰ প্ৰিন্স এডৱাৰ্ডৰ সৈতে হিদাৰডাউন স্কুলত শিক্ষাগ্ৰহণ কৰিছিল ডেভিডে ।

ডেভিড কেমেৰন

থেৰেছা মে (২০১৬-২০১৯): ব্ৰিটেইনৰ দ্বিতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী ।

বৰিছ জনছন (২০১৯ৰ পৰা ২০২২ চনৰ জুলাইলৈ): কোভিড-১৯ অতিমাৰী প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা লকডাউন উলংঘা কৰা, দলত সমৰ্থন কমি অহাৰ পাছত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰে ।

লিজ ট্ৰাছ (ছেপ্টেম্বৰ ২০২২-): কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ পদ দখল কৰে ।

লিজ ট্ৰাছ

লগতে পঢ়ক: বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ ইহলীলা সম্বৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.