নিউজ ডেস্ক, ১১ জুলাই : কলিমা, নামাজ, ৰোজা, হজ, জাকাত- এয়া হৈছে ইছলাম ধৰ্মৰ অৱশ্যেই পালনীয় পঞ্চস্তম্ভ (Five pillars of Islam) । অর্থাৎ প্ৰতিগৰাকী সুস্থ, সবল আৰু সামৰ্থ্যৱান মুছলমানে এই পাঁচটা কৰ্তব্য পালন কৰাটো বাধ্যতামূলক । এই পঞ্চস্তম্ভৰ ভিতৰত এটা হৈছে হজ (One of Islamic five pillars Hajj) ।
হজ পালন কৰিবলৈ প্ৰতিবছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ তীৰ্থযাত্ৰী মক্কালৈ যায় । আল্লাৰ ঘৰ হিচাবে খ্যাত কাবা শ্বৰিফত পালন কৰে হজ (Hajj is celebrated at Kaaba Sharif Mecca) । চলিত বৰ্ষতো ৭ জুলাইৰ পৰা ১২ জুলাইলৈকে অনুষ্ঠিত হৈছে এই হজ কাৰ্যসূচী ।
হজ পালনৰ বাবে বহু কষ্ট স্বীকাৰ কৰাৰ লগতে খৰচো হয় যথেষ্ঠ। তথাপি বছৰে বছৰে অগণনন মুছলিম লোকে হজ পালন কৰি আহিছে । কিন্তু এইবাৰ ব্ৰিটেইনবাসী এগৰাকী ব্যক্তিয়ে হজ পালন কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে তাকে লৈ স্তম্ভিত হৈছে বিশ্ববাসী ।
ব্রিটেইনৰ বাসিন্দা তথা ইৰাকীয়-কুর্দিছ বংশধৰ ব্যক্তিজনৰ এই পদক্ষেপত সকলোৰে চকু কপালত উঠিছে । ব্রিটেইনৰ উলভাৰহেম্পটনৰ পৰা মক্কালৈ প্রায় ৬,৫০০ কিলোমিটাৰ পথ তেওঁ খোজকাঢ়ি অতিক্রম কৰে (Britian man Adam Mohammad walks 6500 km for Hajj) । লোকজনৰ নাম হৈছে আডাম মহম্মদ ।
৫২ বছৰীয়া আডাম মহম্মদে ১০ মাহ ২৫ দিন খোজকাঢ়ি মক্কাত উপস্থিত হয় (Adam Mohammed arrives Mecca on foot)। তেওঁৰ যাত্রাপথত অতিক্ৰম কৰিছে নেদাৰলেণ্ড, জার্মানী, অষ্ট্ৰিয়া, হাঙ্গেৰী, ছার্বিয়া, বুলগেৰিয়া, তুৰস্ক, লেবানন আৰু জর্ডানৰ দৰে দেশবোৰ । এই দেশকেইখন অতিক্ৰম কৰি তেওঁ অৱশেষত উপস্থিত হয় চৌডি আৰবত । আডাম মহম্মদে ব্রিটেইনৰ পৰা তেওঁৰ এই হজযাত্ৰা আৰম্ভ কৰে ২০২১ চনৰ ১ আগষ্টত । আৰু মক্কাত গৈ উপস্থিত হয় ২০২২ চনৰ জুন মাহত ।
আন্তর্জাতিক সংবাদ মাধ্যম আল জাজিৰাত প্ৰকাশিত প্ৰতিবেদন অনুযায়ী, দৈনিক তেওঁ প্রায় ১৭.৮ কিঃমিঃ পথ খোজকাঢ়িছিল । উক্ত হজযাত্ৰাত তেওঁ আন এক বিশেষ কাম কৰিছিল । তেওঁ লগত লৈ গৈছিল আমাৰ ঠেলাগাড়ীৰ দৰে এখন বিশেষ বাহন । প্রায় ৩০০ কেজি ওজনৰ উক্ত ঠেলাগাড়ীখন তেওঁ ঘৰতেই নিৰ্মাণ কৰিছিল । উক্ত ঠেলাগাড়ীখনতেই তেওঁ তেওঁৰ প্ৰয়োজনীয় বস্তু-বাহানি কঢ়িয়াই লৈ গৈছিল । লগতে ঠোলাগাড়ীখনত বান্ধি লৈছিল এটা মাইক । উক্ত মাইকত তেওঁ ইছলাম ধর্মীয় বিভিন্ন আবৃত্তি বজাই গৈছিল । ইয়াৰ অন্য এক উদ্দেশ্যও আছিল । তেওঁৰ উদ্দেশ্য আছিল ইয়াৰ দ্বাৰা শান্তি আৰু সাম্যৰ বাণী প্রচাৰ কৰাটো।
GofundMe নামৰ এটি পেজো সৃষ্টি কৰিছিল আডামে । তেওঁৰ মতে, ‘এয়া মই খ্যাতি বা ধন অৰ্জনৰ বাবে কৰা নাই । বৰং বিশ্বৰ উদ্দেশ্যে এই বার্তা দিব বিচাৰিছোঁ যে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো মানুহ সমান । আমাক ইছলামে যি শান্তি আৰু একতাৰ বাণী শিকাইছে সেই বার্তাও দিব বিচাৰিছোঁ ।’ ইতিমধ্যে তেওঁৰ যাত্রাপথৰ ছবি, ভিডিও ছচিয়েল মিডিয়াত প্ৰকাশ হৈছে । সেইবোৰৰ জৰিয়তে ছচিয়েল মিডিয়াতো ইতিমধ্যে বিখ্যাত হৈ পৰিছে আডাম মহম্মদ ।
লগতে পঢ়ক :মকছুদ আৰু মুজাম্মিলৰ হাতৰ পৰশত প্ৰাণ পাইছে হিন্দু দেৱ-দেৱীৰ মূৰ্তিয়ে