ETV Bharat / international

প্ৰতিবাদ, ধৰ্মঘটৰ মাজত আজি অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন

Bangladesh goes to polls today: আজি অনুষ্ঠিত হ’ব বাংলাদেশৰ নিৰ্বাচন ৷ 120 নিযুত ভোটাৰে 2,000 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷ ইয়াৰে 436 জন নিৰ্দলীয় প্ৰাৰ্থী আছে ৷

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 7:08 AM IST

bangladesh goes to polls today amid strike
প্ৰতিবাদ ধৰ্মঘটৰ মাজৰে আজি অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন

ইন্টাৰনেশ্যনেল ডেস্ক, 7 জানুৱাৰী : বহু চৰ্চিত বাংলাদেশৰ দেওবাৰে সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন ৷ ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশৰ নিৰ্বাচনক লৈ ইতিমধ্যে বিশ্বজুৰি চৰ্চিত হৈছে ৷ 300 খন আসনৰ বাবে প্ৰায় 120 নিযুত ভোটাৰে 2,000 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷ ইয়াৰে 436 জন নিৰ্দলীয় প্ৰাৰ্থী আছে ৷ যি 2001 চনৰ পিছত সৰ্বাধিক নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷

বাংলাদেশৰ স্থানীয় সময় অনুসৰি, আজি পুৱা 8 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু আবেলি 4 বজাত সমাপ্ত হ'ব । ভোটদান সমাপ্ত হোৱাৰ পিছতে গণনা আৰম্ভ হ'ব, সোমবাৰে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে, বাংলাদেশ নেচনেলিষ্ট পাৰ্টি চমুকৈ বি এন পি আৰু ইয়াৰ মিত্ৰজোঁটৰ দলে নিৰ্বাচন বৰ্জনৰ আহ্বান কৰিছিল ৷ যাৰবাবে দেশজুৰি 48 ঘন্টীয়া ধৰ্ণা-প্ৰতিবাদ কৰা হ’ব বুলি ঘোষণা কৰিছিল বি এন পিয়ে ৷

বিৰোধীৰ এই ঘোষণাৰ বিপৰীতে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে দেশখনৰ নিৰ্বাচনী আয়োগে ৷ বিৰোধী দলৰ আহ্বানৰ পাচত ভোটদানৰ হাৰ কমিব পাৰে আৰু ঠায়ে ঠায়ে নিৰ্বাচনী হিংসাই দেখা দিব পাৰে বুলিও অনুমান কৰা হৈছে ৷

ইফালে বি এন পিয়ে অভিযোগ উত্থাপন কৰে যে, আৱামী লীগে নিৰ্বাচনক বিশ্বাসযোগ্য দেখুৱাবলৈ চেষ্টা কৰিছে ৷ সেয়ে নিৰ্দলীয় হিচাপে ডামী প্ৰাৰ্থী প্ৰস্তুত কৰিছে ৷ উল্লেখ্য যে, 2014 চনৰ নিৰ্বাচন বৰ্জন কৰি 2018 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল বি এন পিয়ে ৷ ইফালে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যবেক্ষণৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে বিভিন্ন দেশৰ প্ৰায় 100 ৰো অধিক পৰ্যবেক্ষক বাংলাদেশত উপস্থিত হৈছে ৷

লগতে পঢ়ক : 48 ঘন্টীয়া প্ৰতিবাদ, নিৰ্বাচনকালত ধৰ্ণাত কঁপিব বাংলাদেশৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.