ETV Bharat / international

Attack on Palestinian refugee camp: লেবাননস্থিত পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰত সংঘাতত নিহত 5

author img

By

Published : Jul 31, 2023, 10:08 AM IST

দক্ষিণ বন্দৰ চহৰ চিডনৰ সমীপৰ লেবাননত থকা পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰত আক্ৰমণ । সংঘৰ্ষত ৭ গৰাকী লোক আহত হয় । এগৰাকী লেবানিজ সেনাও আহত হয় ।

Attack on Palestinian refugee camp
লেবাননস্থিত পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰত আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,৩১ জুলাই : দীৰ্ঘদিন ধৰি ইজৰাইলী আৰু পেলেষ্টিনিয়ানৰ মাজত সংঘৰ্ষ অব্যাহত আছে । এই সংঘৰ্ষত এতিয়ালৈ শ শ লোকে প্ৰাণ হেৰুৱাইছে, বহু লোক ঘূণীয়া হৈছে । দেওবাৰে পুনৰ লেবাননৰ পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰত আক্ৰমণ । ভয়ংকৰ আক্ৰমণটোত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দক্ষিণ বন্দৰ চহৰ চিডনৰ সমীপৰ লেবাননত থকা পেলেষ্টিনিয়ানৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰটোত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে ৭ গৰাকী লোক আহত হয় ।

লেবাননৰ চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি ৰাষ্ট্ৰসংঘৰ ৰিলিফ এণ্ড ৱৰ্কছ এজেঞ্চি ফৰ পেলেষ্টাইন ৰিফিউজি ইন দা নিয়ৰ ইষ্ট (UNRWA)ৰ মতে, আহতসকলৰ ভিতৰত দুগৰাকী শিশুও আছে । লেবানিজ সেনাৰ এক বিবৃতি অনুসৰি শিবিৰৰ বাহিৰত থকা এটা সামৰিক বেৰেকত মৰ্টাৰেৰে আক্ৰমণ কৰা হৈছিল য'ত এজন সৈনিক আহত হয় । অৱশ্যে তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ ।

ইফালে, দেওবাৰে এক বিবৃতিযোগে পেলেষ্টাইন দল ফাতাহে কয় যে, এক ভয়ংকৰ অভিযানৰ সময়ত কমাণ্ডাৰ আশ্ৰাফ আল-আৰ্মুচি আৰু তেওঁৰ ৪ জন সহযোগীক হত্যা কৰা হয় । এম্বুলেন্সবোৰে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে শিবিৰৰ চাৰিওফালে থকা ৰাস্তাবোৰৰ মাজেৰে যোৱাৰ সময়তে দলবোৰে এছল্ট ৰাইফল, ৰকেট চালিত গ্ৰেনেড লঞ্চাৰ আৰু হেণ্ড গ্ৰেনেড প্ৰদৰ্শন কৰাৰ লগতে যুঁজত লিপ্ত হয় ।

পুৱা কেইবা ঘণ্টা ধৰি চলা সংঘৰ্ষৰ অন্তত পৰিস্থিতি শান্ত হৈছিল যদিও সংবাদ মাধ্যমৰ খবৰ অনুসৰি স্নাইপাৰে বহু সময়লৈ গুলীচালনা কৰি আছিল । কিন্তু পেলেষ্টাইন জেনেৰেল আৰু তেওঁৰ এছক’ৰ্টক হত্যা কৰাৰ পাছত পুনৰ এবাৰ হিংসাত্মক ঘটনা বৃদ্ধি পাইছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিডনৰ সমীপৰ অট্টালিকাবোৰত অহৰণ গুলীবৰ্ষণ হৈ আছিল । যাৰ বাবে অট্টালিকাৰ খিৰিকী আৰু অন্যান্য সামগ্ৰী ভাঙি চূৰ্ণ-বিচূৰ্ণ হয় । একাংশ বাসিন্দাই তেওঁলোকৰ ঘৰৰ পৰা পলায়নো কৰে ।

এনে পৰিস্থিতিত ৰাজহুৱা চিডন জেনেৰেল হাস্পতালৰ কৰ্মচাৰী আৰু ৰোগীসকলক স্থানান্তৰ কৰা হৈছে । UNRWAৰ তথ্য অনুসৰি লেবাননত ৪৫,০০০ তকৈও অধিক পেলেষ্টিনিয়ানে বাস কৰি আছে । অৱশ্যে তেওঁলোকৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আছে । নিযুক্তিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আছে, যাৰ বাবে প্ৰায় সংখ্যকে শৰণাৰ্থী শিবিৰত ভয়ংকৰ পৰিস্থিতিত বাস কৰি আছে ।

লগতে পঢ়ক :Israeli Palestinian clash : ইজৰাইলী সামৰিক বাহিনীৰ হাতত নিহত ৩ পেলেষ্টাইন উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.