ETV Bharat / international

Earthquake in Indonesia: পুৱতি নিশা অহা ভূমিকম্পত ইণ্ডোনেছিয়াত বৃহৎ ক্ষতি

মঙলবাৰে পুৱতি নিশা ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া(Earthquake in Indonesia) । এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অষ্ট্ৰেলিয়াৰ উত্তৰ ফালৰ পৰা কিছু নিলগত । ইয়াৰ পাছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰিছে ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান, জলবায়ু বিজ্ঞান আৰু ভূ-ভৌতিক সংস্থাই ।

author img

By

Published : Jan 10, 2023, 10:30 AM IST

Earthquake damages buildings in Indonesia
৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া

ইন্টাৰনেশ্যনেল ডেস্ক,১০ জানুৱাৰী: ৰিখটাৰ স্কেলত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া আৰু ইয়াৰ উপকুলীয় বহু অঞ্চল(An earthquake with a magnitude of 7.6) । সাগৰৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে ইণ্ডোনেছিয়াৰ কেইবাটাও অঞ্চলত(Earthquake in Indonesia) । উত্তৰ অষ্ট্ৰেলিয়াতো ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হয়(Tremors felt in Australia) । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৬ হোৱালৈ লক্ষ ৰাখি ণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান, জলবায়ু বিজ্ঞান আৰু ভূ-ভৌতিক সংস্থাই(National Disaster Mitigation agency on earthquake) তিনি ঘণ্টাৰ পিছত চুনামীৰ সতৰ্কবাণী জাৰি কৰে(Earthquake shakes Indonesia) ।

সংস্থাটোৰ মুৰব্বী দ্বিকোৰিতা কৰ্ণাৱতীয়ে কয় যে ভূমিকম্পৰ কেন্দ্ৰৰ চাৰিওফালে থকা চাৰিটা টাইড গজ পৰ্যৱেক্ষণৰ ওপৰত আধাৰিত কৰি, ই সাগৰ পৃষ্ঠত কোনো গুৰুত্বপূৰ্ণ বিসংগতি বা পৰিৱৰ্তন প্ৰদৰ্শন কৰা নাছিল । পাপুয়া আৰু পূব নুচা টেংগাৰা প্ৰদেশকে ধৰি কেইবাটাও অঞ্চলত কম্পন অনুভৱ কৰা হৈছিল । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন সংস্থাই দক্ষিণ-পশ্চিম মালুকুৰ ৱাটুৱে গাঁৱত ঘৰ আৰু সামূহিক ভৱনৰ ক্ষতিৰ দৃশ্যমান প্ৰতিবেদন লাভ কৰিছিল(Earthquake damages buildings in Indonesia) ।

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে(US Geological Survey) প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থল অষ্ট্ৰেলিয়াৰ উত্তৰ দিশৰ পৰা কিছু নিলগত ১০৫ কিলোমিটাৰ গভীৰতাত আছিল । ভূমিকম্পৰ ফলত ক্ষয় ক্ষতিৰ পৰিমাণ কম হয় যদিও বিস্তীৰ্ণ অঞ্চললৈকে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ডাৰউইন চহৰকে ধৰি উত্তৰ অষ্ট্ৰেলিয়াত ১,০০০ তকৈও অধিক লোকে অষ্ট্ৰেলিয়াৰ ভূ-বিজ্ঞান সংস্থাক(Geoscience Australia agency) ভূমিকম্প অনুভূত হোৱাৰ খবৰ দিছিল । যুটীয়া অষ্ট্ৰেলিয়ান চুনামি সতৰ্কতা কেন্দ্ৰই(Australian Tsunami Warning Center) উল্লেখ কৰা অনুসৰি ভূমিকম্পটোৱে মূল ভূখণ্ড বা কোনো দ্বীপ বা সাগৰীয় উপকুলীয় অঞ্চলৰ বাবে চুনামিৰ আশংকা সৃষ্টি কৰা নাছিল ।

অষ্ট্ৰেলিয়ান গায়ক ভাছিয়ে(Australian singer Vashi) টুইটাৰযোগে প্ৰকাশ কৰে যে এইটো হৈছে তেওঁ জীৱনত অনুভৱ কৰা আটাইতকৈ দীঘল ভূমিকম্প । তেওঁ টুইটাৰত লিখিছে "আমি মাজনিশা ঘৰৰ বাহিৰলৈ দৌৰি গৈছিলো । ভূমিকম্পটো দীঘলীয়া সময় ধৰি চলিছিল আৰু বহুত শক্তিশালী অনুভৱ কৰিছিলো । ই বহু ভয়ানক আছিল ।"

লগতে পঢ়ক: Bomb threat on Moscow-Goa flight: চলন্ত বিমানত বোমাতংক, জামনগৰ বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.