ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : ব্ৰিটেইনত সোণৰ কমোড চুৰি হোৱাৰ গোচৰত ৪ জনক অভিযুক্ত কৰা হৈছে । ব্ৰিটিছৰ অন্যতম এগৰাকী যোদ্ধা উইনষ্টন চাৰ্চিলৰ জন্মস্থান বিশাল প্ৰাসাদ ব্লেনহেইম পেলেচৰ পৰা চুৰি হৈছিল ১৮ কেৰেটৰ সোণৰ কমোড । ৫.৯৫ নিযুত আমেৰিকান ডলাৰ মূল্যৰ এই কমোডটো 'আমেৰিকা' হিচাপে জনাজাত । যিটো শিল্পকৰ্ম অন্যতম নিদৰ্শন আছিল । ইটালীৰ শিল্পী মাউৰিজিঅ' কেটলানে এই কমোডটো তেওঁৰ কলা প্ৰদৰ্শনীত ৰাখিছিল । ২০১৯ চনৰ ছেপ্টেম্বৰত নিশা চুৰি হৈছিল সোণৰ কমোডটো ।
ক্ৰাউন প্ৰচিকিউচন চাৰ্ভিচে সোমবাৰে কয় যে সোণৰ কমোডটো চুৰিৰ বাবে ৩৫-৩৯ বছৰ বয়সৰ ৪ জন লোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ উত্থাপন কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে সম্পত্তি স্থানান্তৰৰ ষড়যন্ত্ৰৰ অভিযোগত চুৰি আৰু অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । অভিযুক্ত চাৰিওজনকে ২৮ নৱেম্বৰত অক্সফৰ্ড মেজিষ্ট্ৰেটৰ আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে ।
চুৰিৰ ঘটনাটোত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । লক্ষণীয়ভাৱে সোণৰ কমোডটো চুৰি হোৱাৰ ৪ বছৰ পাছত সোমবাৰে এই অভিযোগবোৰ অনা হৈছে । অৱশ্যে কমোডটো এতিয়াও উদ্ধাৰ হোৱা নাই ।
উল্লেখ্য যে সোণৰ কমোডটো সম্পূৰ্ণ কাৰ্যক্ষম আছিল । চুৰি হোৱাৰ পূৰ্বে ইয়াক প্ৰদৰ্শনীত ৰখা হৈছিল । ইয়াক ব্যৱহাৰ কৰিবলৈ ৩ মিনিটৰ এপইণ্টমেণ্ট ল'বলগীয়া হৈছিল । আৰক্ষীয়ে কোৱা মতে যিহেতু কমোডটো প্ৰাসাদৰ প্লাম্বিং প্ৰণালীৰ সৈতে সংযুক্ত আছিল । সোণৰ কমোডটো চুৰি হোৱাৰ ফলত ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ অষ্টাদশ শতিকাৰ প্ৰাসাদটোৰ যথেষ্ট ক্ষতি হৈছিল ।
২০২১ চনত চুৰিকাণ্ডৰ তদন্ত কৰি থকা টেমছ ভেলী আৰক্ষীয়ে কৈছিল যে সোণৰ কমোডটো উদ্ধাৰ কৰাটো এক প্ৰত্যাহ্বান হ'ব । বৃহৎ পৰিমাণৰ সোণখিনি কোনোৱে নিষ্কাশন কৰিছে বুলিও আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে ।