ETV Bharat / international

পাকিস্তানত বান তথা বৰষুণত 36 জনৰ মৃত্যু - প্ৰকৃতিৰ ৰুষ্ট ৰূপ

পাকিস্তানত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ যোৱা ২৪ ঘণ্টাত ধাৰাসাৰ বাৰিষাৰ ফলত হোৱা বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু অন্যান্য বৰষুণৰ ঘটনাত কমেও ৩৬ জন লোক নিহত হোৱাৰ উপৰিও (36 killed in rain spells across Pakistan) ১৪৫ গৰাকী লোক আহত হয় ৷

36 killed, 145 injured in rain spells across Pakistan in 24 hrs
আকস্মিক বান আৰু বৰষুণৰ ফলত ২৪ ঘণ্টাত ৩৬ জন নিহত, ১৪৫ জন আহত
author img

By

Published : Aug 21, 2022, 2:15 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 আগষ্ট : পাকিস্তানত প্ৰাকৃতিক দুৰ্যোগে ভয়াৱহ ৰূপ লৈছে (Natural Disaster in Pakistan)৷ পাকিস্তানত যোৱা ২৪ ঘণ্টাত ধাৰাসাৰ বাৰিষাৰ ফলত হোৱা বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু অন্যান্য বৰষুণৰ ঘটনাত কমেও ৩৬ জন লোক নিহত হয় ৷ ইয়াৰ উপৰিও (36 killed in rain spells across Pakistan) ১৪৫ গৰাকী লোক আহত ( 145 injured in rain spells across Pakistan) হৈছে বুলি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এন ডি এম এ) (National Disaster Management Authority) জানিবলৈ দিয়ে ৷ প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত কমেও সাতটা শিশু আৰু পাঁচগৰাকী মহিলা আছিল বুলি প্ৰকাশ কৰিছে ৷

শনিবাৰে সন্ধিয়া এন ডি এম এয়ে কয় যে এই প্ৰাকৃতিক দুৰ্যোগত দেশখনৰ দক্ষিণ সিন্ধু প্ৰদেশত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় ৷ শনিবাৰলৈকে সিন্ধু প্ৰদেশৰ বিভিন্ন অঞ্চলত ১৮ জন নিহত আৰু ১২৮ জন আহত হয় ৷ ইয়াৰ পিছত উত্তৰ-পশ্চিম খাইবাৰ পাখতুনখোৱাত ১১ জন লোকৰ মৃত্যু হয় আৰু পূৱ পঞ্জাৱত 7 জন লোকৰ মৃত্যু হৈছিল ৷

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আকস্মিক বানৰ ফলত দেশখনত এতিয়ালৈ ২৭,৮৭০ টা ঘৰ ধ্বংস হৈছে ৷ ইয়াৰে ১০,৮৬০ টা সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ১৭,০১০ টা আংশিকভাৱে ধ্বংস হয় ৷ বানাক্ৰান্ত অঞ্চলসমূহত এনডিএমএ, অন্যান্য চৰকাৰী সংগঠন, স্বেচ্ছাসেৱক আৰু বেচৰকাৰী সংগঠনসমূহে উদ্ধাৰ অভিযানৰ লগতে সাহায্যও যোগান ধৰিছে ৷

আনহাতে, পাকিস্তান সেনাৰ মিডিয়া শাখা ইণ্টাৰ-চাৰ্ভিচেছ পাব্লিক ৰিলেচনছৰ (আইএছপিআৰ) (Media wing of the Pakistan Army) এক বিবৃতিত প্ৰকাশ কৰে যে, ইতিমধ্যে সেনাই বান সাহায্য সঁজুলি লৈ আভ্যন্তৰীণ সিন্ধু আৰু ইয়াৰ ৰাজধানী চহৰ কৰাচীৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হৈছে (Army troops reached affected area)৷ সেনাৰ উদ্ধাৰকাৰী দলে সিন্ধুৰ বানাক্ৰান্ত অঞ্চলসমূহত পানী নিষ্কাশন অভিযান আৰু বন্যাৰ্তসকলক সাহায্য বিতৰণ অব্যাহত ৰাখিছে৷ কৰাচী আৰু আভ্যন্তৰীণ সিন্ধুত যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সংৰক্ষিত উদ্ধাৰকাৰী দলসমূহ সতৰ্ক হৈ আছে বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰি ৰাজ্যত 25 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.