ETV Bharat / international

Texas school shooting : আমেৰিকাত পুনৰ বিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ, নিহত ১৮ গৰাকী শিক্ষাৰ্থী

author img

By

Published : May 25, 2022, 10:50 AM IST

টেক্সাছৰ প্ৰাথমিক বিদ্যালয়ত বন্দুকধাৰী দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত (Gunman miscreants attack at Robb Elementary School)। নিহত ১৮ গৰাকী শিশু । ইতিমধ্যে বন্দুকধাৰী দুৰ্বৃত্তকো আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ খবৰ পোৱা গৈছে ।

Texas school shooting
আমেৰিকাত পুনৰ বিদ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৫ মে' : আমেৰিকাৰ টেক্সাছত ভয়ংকৰ ঘটনা । এখন প্ৰাথমিক বিদ্যালয়ত আক্ৰমণ দুৰ্বৃত্তৰ (Gunman miscreants attack primary school in Texas)। বন্দুকধাৰী দুৰ্বৃত্তৰ গুলীত নিহত ১৮ গৰাকী শিশু (18 children killed in Texas school shooting)। জানিব পৰা মতে আন ৩ গৰাকী প্ৰাপ্তবয়স্ক লোকৰো মৃত্যু হৈছে । ঘটনাক লৈ সমগ্ৰ টেক্সাছত উত্তেজনাই বিৰাজ কৰিছে ।

এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে উভালদেস্থিত ৰব প্ৰাথমিক বিদ্যালয়ত (Firing at Robb Elementary School)। আৰক্ষী সূত্ৰই জনোৱা মতে বন্দুকধাৰী দুৰ্বৃত্তজনে হেণ্ডগান আৰু সম্ভৱত ৰাইফল লৈ বিদ্যালয়খনত প্ৰৱেশ কৰিছিল । ইয়াৰ পাছতে নিৰবিচ্ছিন্নভাৱে গুলীচালনা আৰম্ভ কৰে বন্দুকধাৰী লোকজনে । য'ত বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষাৰ্থী আৰু শিক্ষক গুলীবিদ্ধ হৈছে ।

মৃত্যুৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই যদিও ১৮ গৰাকী শিক্ষাৰ্থীসহ মুঠ ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইফালে কিমানগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে এতিয়াও সেই তথ্য পোৱা হোৱা নাই । ইফালে বিশেষ সূত্ৰই জনোৱা মতে আক্ৰমণকাৰী বন্দুকধাৰী ১৮ বছৰীয়া যুৱকজনকো পৰৱৰ্তী সময়ত হত্যা কৰা হৈছে ।

একাংশই দাবী কৰা মতে গুলীচালনাৰ সময়ত বিদ্যালয়ৰ সমীপতে থকা এজন বৰ্ডাৰ পেট্ৰ'ল এজেণ্টে বিদ্যালয়ত প্ৰৱেশ কৰিছিল আৰু শিক্ষাৰ্থীসকলক ৰক্ষা কৰাৰ স্বাৰ্থত বন্দুকধাৰীজনক লক্ষ্য কৰি গুলীচালনা কৰিছিল । য'ত বন্দুকধাৰীজন গুলীবিদ্ধ হয় আৰু মৃত্যুমুখত পৰে । অৱশ্যে একাংশই দাবী কৰা মতে সম্ভৱত আৰক্ষীৰ গুলীত নিহত হৈছে বন্দুকধাৰী যুৱকজন । সূত্ৰৰ মতে আক্ৰমণকাৰী যুৱকজন চান এণ্টনিঅ'ৰ পৰা প্ৰায় ৮৫ মাইল পশ্চিমে লেটিনো সম্প্ৰদায়ৰ লোকসকলে বাস কৰা অঞ্চলৰ বাসিন্দা ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে ।

এই ঘটনা আমেৰিকাৰ গণহত্যাৰ অতি ভয়ংকৰ ঘটনা হিচাপে ইতিমধ্যে বিবেচিত হৈছে । দেশখনত গীৰ্জা, বিদ্যালয় আদিত এনেধৰণৰ আক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ নাগৰিকসকল । ইফালে ঘটনাৰ পাছতে বিদ্যালয় চৌহদত কটকটীয়া বেষ্টনী গঢ়ি তোলা হৈছে ।

আৰক্ষীৰ লগতে এফবিআই আৰু নিৰাপত্তা বাহিনী মোতায়েক কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । জানিব পৰা মতে ঘটনা সম্পৰ্কে ৰাষ্ট্ৰপতি জ' বিডেনকো জনোৱা হৈছে । উল্লেখ্য যে আমেৰিকাৰ বিদ্যালয়ত এনেধৰণৰ আক্ৰমণ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিদ্যালয়ৰ শিক্ষাৰ্থী বা শিক্ষকসকলক ।

লগতে পঢ়ক :Saudi Arabia bans travel : ভাৰতকে ধৰি 16 দেশলৈ নিষিদ্ধ ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.