ETV Bharat / international

চিৰিয়াত ড্ৰোণ আক্ৰমণত নিহত আল কায়দাৰ শীৰ্ষ নেতা

author img

By

Published : Oct 1, 2021, 11:19 AM IST

চিৰিয়াত সন্ত্ৰাসবাদীৰ ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণ । ফক্স নিউজৰ তথ্য় মতে, ড্ৰোণৰ জৰিয়তে কৰা এই আক্ৰমণত আল কায়দাৰ শীৰ্ষ পৰ্যায়ৰ নেতা ছেলিম আবু আহমেদ নিহত হৈছে । সন্ত্ৰাসবাদী সংগঠনটোৱে কৰা আক্ৰমণৰ পৰিকল্পনা, পুঁজি সংগ্ৰহ, স্থানীয় অঞ্চলত কৰা আক্ৰমণৰে জড়িত আছিল ছেলিম আবু আহমেদ ।

Senior al Qaeda leader killed in drone strike in Syria
চিৰিয়াত ড্ৰোণ আক্ৰমণত নিহত আল কায়দাৰ সন্ত্ৰাসবাদী ছেলিম আবু আহমেদ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১ অক্টোবৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত আল কায়দা(al-Qaeda)ৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ মৃত্যু । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰতিৰক্ষা বিষয়াৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি ফক্স নিউজে শেহতীয়াকৈ এই বাতৰি প্ৰকাশ কৰিছে । সংবাদ গোষ্ঠীটোৱে প্ৰতিৰক্ষা বিষয়াগৰাকীৰ মন্তব্যৰ উদ্ধৃতি দি প্ৰকাশ কৰা এই বাতৰিত উল্লেখ কৰা হৈছে যে, চিৰিয়া(Syria)ত আমেৰিকাই ড্ৰোণৰ জৰিয়তে কৰা এই আক্ৰমণত আল কায়দাৰ শীৰ্ষ পৰ্যায়ৰ নেতা ছেলিম আবু আহমেদ(Salim Abu-Ahmad) নিহত হৈছে ।

যোৱা ২০ ছেপ্টেম্বৰত চিৰিয়াৰ ইদলিবৰ ওচৰত আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা ড্ৰোণ আক্ৰমণত ছেলিম আবু আহমেদৰ মৃত্যু হয় । ফক্স নিউজৰ মতে, আল কায়দাই কৰা আক্ৰমণৰ পৰিকল্পনা, পুঁজি সংগ্ৰহ, স্থানীয় অঞ্চলত কৰা আক্ৰমণৰে জড়িত আছিল ছেলিম আবু আহমেদ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিষয়াই এই কথা স্পষ্ট কৰিছে বুলি ফক্স নিউজে দাবী কৰিছে ।

আনহাতে, এই আক্ৰমণত চিৰিয়াৰ কোনো নাগৰিকৰ মৃত্যু হোৱা নাই বুলি জানিব পৰা গৈছে । ৱাশ্বিংটনে আল কায়দাৰ সন্ত্ৰাসবাদী আৰু আই এছৰ সন্ত্ৰাসবাদী আবু বকৰ আল-বাগদাদী(Abu Bakr al-Baghdadi)ক লক্ষ্য কৰি ইদলিবত আক্ৰমণ চলাইছিল ।

আবু বকৰ আল-বাগদাদী পূৱ চিৰিয়াৰ পৰা পলায়ন কৰি এই অঞ্চলত আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল আমেৰিকাই । ইয়াৰ পূৰ্বে, যোৱা ১৩ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এখন সামৰিক বিমানে চিৰিয়া-ইৰাক সীমান্তত দুখন বাহনত আক্ৰমণ কৰিছিল । ইৰাকৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, ইৰাক আৰু চিৰিয়াৰ মাজৰ সীমান্তত হোৱা এই আক্ৰমণৰ ফলত দুখন বাহন ক্ষতিগ্ৰস্ত হৈছিল ।

লগতে পঢ়ক:আফগানিস্তানত আল-কায়দা বা ISIS ৰ পুনৰ গঠনৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.