ETV Bharat / international

হজৰ বাবে কেৱল দেশীয় তীৰ্থযাত্ৰীক অনুমতি চৌডি আৰৱ চৰকাৰৰ

author img

By

Published : Jun 13, 2021, 12:59 PM IST

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ বাবে এইবছৰ কেৱল স্থানীয় নাগৰিক আৰু বাসিন্দাসকলক হজৰ অনুমতি প্ৰদান কৰিছে চৌডি আৰৱ চৰকাৰে ৷

saudi-to-limit-upcoming-hajj-season-to-domestic-pilgrims
হজৰ বাবে কেৱল দেশীয় তীৰ্থযাত্ৰীক অনুমতি চৌডি আৰৱ চৰকাৰৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 13 জুন : কৰ’ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ হজযাত্ৰীৰ ক্ষেত্ৰত চৌডি আৰৱৰ চৰকাৰে ঘোষণা কৰিছে কিছু নীতি-নিৰ্দেশনা ৷ এইবেলি কেৱল ঘৰুৱা তীৰ্থযাত্ৰীসকলেহে অংশ ল’ব পাৰিব হজত ৷ ইয়াৰ উপৰিও কেৱল 60,000 তীৰ্থযাত্ৰীয়েহে হজত অংশ ল’ব পৰিব বুলি ঘোষণা কৰিছে চৌডি আৰৱ চৰকাৰে ৷

শনিবাৰে হজ আৰু উমৰাহ মন্ত্ৰণালয়ে এইবেলি কেৱল চৌডি আৰৱৰ নাগৰিক তথা বাসিন্দাৰ বাবেহে পঞ্জীয়নৰ ব্যৱস্থা উপলব্ধ থকা বুলি ঘোষণা কৰে ৷ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’ণাৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে হজ আৰু উমৰাহ মন্ত্ৰণালয়ে ৷

উল্লেখ্য যে, চৌডি আৰৱৰ 16-65 বৰ্ষীয় যিসকল নাগৰিক তথা বাসিন্দাই ভেকচিন গ্ৰহণ কৰিছে অথবা কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে লগতে কোনো ধৰণৰ ৰোগত আক্ৰান্ত নহয়, তেওঁলোককহে হজৰ বাবে পঞ্জীয়নৰ অনুমতি প্ৰদান কৰা হ’ব ৷ হজৰ এই দ্বিতীয় পৰ্যায়ত কোনো বিদেশী ভক্তই অংশ ল’ব নোৱাৰিব ৷

তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মন্ত্ৰণালয়ে অন্যান্য ইছলামিক ৰাজ্যসমূহৰ অনুমোদনমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় ৷ বিগত বৰ্ষত চৌডি আৰৱত বসবাস কৰা 160 টা জাতিৰ প্ৰায় 1000 তীৰ্থযাত্ৰীয়ে হজত অংশগ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে, যোৱা 10 বছৰে ৰাষ্ট্ৰখনে 150 মিলিয়নৰো অধিক তীৰ্থযাত্ৰীক আদৰিছে ৷

লগতে পঢ়ক- পাকিস্তানত গেছ চিলিণ্ডাৰ বিস্ফোৰণত ৮ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.