ETV Bharat / international

ছিৰিয়াৰ ডামাছকাছত বোমা বিস্ফোৰণত প্ৰাণ গ'ল ১৪ জন জোৱানৰ - আন এটা বোমা উদ্ধাৰ

ছিৰিয়াৰ ৰাজধানী ডামাছকাছত বুধবাৰে দুটাকৈ বোমা বিস্ফোৰণ । ভয়াৱহ বিস্ফোৰণ প্ৰাণ হেৰুৱালে ১৪ জন সেনা জোৱানে । আহত হয় বহু লোক ।

Roadside bombs hit military bus in Syrian capital
ডামাছকাছত বুধবাৰে দুটাকৈ বোমা বিস্ফোৰণ
author img

By

Published : Oct 20, 2021, 5:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ অক্টোবৰ: বুধবাৰে পুৱা দুটাকৈ বোমা বিস্ফোৰণে কঁপালে ছিৰিয়াৰ ৰাজধানী ডামাছকাছ । সেনা কঢ়িয়াই নিয়া বাছৰ নিচেই কাষতে পথৰ দাঁতিত বোমা দুটা বিস্ফোৰিত হয় । চৰকাৰী তথ্য অনুসৰি, এই ভয়াৱহ বিস্ফোৰণত ১৪ জন জোৱানে প্ৰাণ হেৰুৱায় । লগতে বহু লোক আহত হয় ।

বিগত বছৰবোৰত হোৱা আক্ৰমণৰ ভিতৰত এয়াই হৈছে অতি ভয়াৱহ আক্ৰমণ । দশকজোৰা সংঘৰ্ষৰ অন্তত চৰকাৰী পক্ষই বিদ্ৰোহী সংগঠনৰ দখলত থকা উপ-নগৰসমূহ দখল কৰাৰ পিছত এয়াই ৰাজধানী চহৰখনত সংঘটিত আটাইতকৈ ডাঙৰ বিস্ফোৰণ । ছিৰিয়াৰ ষ্টেট টিভিত সম্প্ৰচাৰিত বাতৰিত এখন জ্বলন্ত বাছৰ ভিডিঅ' দেখুওৱা হৈছে । এই বাতৰিযোগে জনোৱা হৈছে যে, পুৱা মানুহে কৰ্মস্থলীলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ সময়তে এই বিস্ফোৰণসংঘটিত হয় ।

দুটা বোমা বিস্ফোৰণ হোৱাৰ উপৰিও একেটা অঞ্চলতে আন এটা বোমা উদ্ধাৰ হয় । অৱশ্যে এই বোমাটো নিষ্ক্ৰীয় কৰা হয় । এই বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই ।

ৰাজধানী চহৰখনৰ পৰা সমীপৱৰ্তী বিভিন্ন অঞ্চললৈ যোৱা বাছবোৰ যি স্থানত থাকে, তাতেই বিস্ফোৰণ সংঘটিত হয় । ডামাছকাছ আৰক্ষী বিষয়া মেজৰ জেনেৰেল হুছেইন জুমাই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এয়া কাপুৰুষৰ কাৰ্য । তেওঁ লগতে জনায় যে, আৰক্ষী বাহিনীয়ে বিস্ফোৰণ সংঘটিত হোৱাৰ পাচতে অঞ্চলটো ঘেৰাও কৰিছে । লগতে অঞ্চলটোত আৰু বোমা আছে নেকি সেয়া নিশ্চিত কৰাৰ বাবে অভিযান চলাইছে ।

আনহাতে, যিকোনো সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰিলে আৰক্ষীক লগে লগে অৱগত কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । বিস্ফোৰণ সংঘটিত হোৱাৰ প্ৰায় এঘণ্টাৰ পাচত বিস্ফোৰণস্থলীৰ পৰা জ্বলি যোৱা বাছখন আঁতৰ কৰা হয় । দেশখনত ২০১১ চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা সংঘৰ্ষত ৩,৫০,০০০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু দেশখনৰ বহু নাগৰিক গৃহহীন হৈ পৰিছে । এতিয়ালৈকে পাঁচ নিযুত লোকে আন দেশত শৰণাৰ্থীৰ দৰে থাকিবলগীয়া হৈছে ।

লগতে পঢ়ক:দৰিদ্ৰতা নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস পালন কৰাৰ তাৎপৰ্য কি জানেনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.