নিউজ জেস্ক, ২৩ জুনঃ আন্তৰ্জাতিক মহাসাগৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ভাৰত মহাসাগৰত এটি স্থানীয় ঘাটি স্থাপন কৰাৰ পৰিকল্পানা কৰিছে বুলি সোমবাৰে সদৰি কৰে ইৰানৰ ইছলামিক ৰিভলুশ্যন গাৰ্ডছ ক্ৰপছে ।
এটা সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ইছলামিক ৰিভলুশ্যন গাৰ্ডছ ক্ৰপছৰ নেভী কামাণ্ডাৰ ৰিয়াৰ এডমিৰেল আলিৰেজাৰ টাংগচিৰিয়ে সদৰি কৰে যে, ইৰানৰ ছুপ্ৰীম লিডাৰ আয়াতুল্লাহ আলী খামেনিয়ে আইআৰজিচিয়ে দেশৰ পৰা দূৰত গৈ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰত এটি ঘাটি স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ।
যাৰ বাবে ইছলামিক ৰিভলুশ্যন গাৰ্ডছ ক্ৰপছে ২০২১ চনৰ শেষৰ ভাগলৈ ভাৰত মহাসাগৰত এটি স্থায়ী ঘাটি বনাবলৈ যো-জা কিৰছে বুলি সদৰি কৰে ।