নিউজ ডেস্ক, 26 মেঃ দেশৰ প্ৰতিৰক্ষা বিভাগৰ বাবে ৰাষ্ট্ৰসংঘই লৈ আনিছে এটি সুখবৰ ৷ ৰাষ্ট্ৰসংঘৰ অধীনৰ শান্তিৰক্ষা বাহিনীত কৰ্মৰত হৈ থকা এগৰাকী ভাৰতীয় স্থলসেনা বিষয়াক নিযুক্তি দিয়া হৈছে বাহিনীটোৰ শীৰ্ষ পদত ৷
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ' গুটৰেছে নিযুক্ত প্ৰদান কৰা ভাৰতীয় সেনা বিষয়াগৰাকী হৈছে লেফটেনেন্ট জেনেৰেল শৈলেছ টিনাইকাৰ ৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ ছাইথ চুডান মিছনৰ ফৰ্চ কামাণ্ডাৰ হিচাপে স্থলাভিষিক্ত হৈছে শীৰ্ষ সেনা বিষয়াগৰাকী ৷ পদবীটোৰ পূৰ্বৰ ফৰ্চ কামাণ্ডাৰ তথা ৰাৱণ্ডাৰ সেনা বিষয়া লেফটেনেন্ট জেনেৰেল ফ্ৰাংক কামানজীয়ে আজি পদবীটোৰ পৰা ইস্তাফা দিয়াৰ লগে লগেই উক্ত পদবীত অধিস্থিত হ'ব টিনাইকাৰ ৷ 34 বছৰৰ সেৱাৰ অভিজ্ঞতাৰে পুষ্ট বিষয়াগৰাকীয়ে সেনা মেডেলৰ লগতে বিশিষ্ট সেৱা মেডেল লাভ কৰিছে ৷
ইণ্ডিয়ান মিলিটাৰী অকাডেমীৰ স্নাতক বিষয়াগৰাকীয়ে 2018 চনৰ পৰাই ইনফেন্ট্ৰি স্কুলৰ নিৰ্দেশক হিচাপ দায়িত্ব পালন কৰি আহিছে ৷ ইয়াৰ পূৰ্বে 2017 চনৰ পৰা 2018 চনলৈ মিলিটাৰী অপাৰেশ্বনৰ অতিৰিক্তি নিৰ্দেশক প্ৰধান হিচাপে কৰ্মৰত আছিল বিষয়াগৰাকী ৷ 2012 চনৰ পৰা 2017 চনলৈ এগৰাকী ডিভিজনেল তথা ব্ৰীগেড কামাণ্ডাৰৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰৰ কামাণ্ডাৰ হিচাপে কৰ্মৰত আছিল বিষয়াগৰাকী ৷ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা ডিফেন্স এণ্ড ষ্ট্ৰেটেজিক ষ্টাডিজত এম ফিল ডিগ্ৰীধাৰী বিষয়াগৰাকীয়ে 1996 চনৰ পৰা 1997 চনলৈ আৰু 2008 চনৰ পৰা 2009 চনলৈ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সৈতে জড়িত আছিল ৷ উল্লেখ্য যে, ৰাৱাণ্ডাৰ পিচতেই ভাৰত হৈছে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীত দ্বিতীয় সৰ্বাধিক সেনা নিয়োজিত কৰা দেশ ৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীত ভাৰতৰ সৰ্বাধিক 2337গৰাকী সেনা বিষয়া-জোৱানৰ লগতে 22গৰাকী আৰক্ষীৰ লোক নিয়োজিত হৈ আছে ৷