ETV Bharat / international

আশ্ৰয় শিবিৰৰ পৰা ঘৰমুখী ফিলিস্তানী পৰিয়াল - ইজৰাইল আৰু হামাসৰ সংঘৰ্ষ

ইজৰাইলত হামাচৰ ১১ দিন ধৰি চলি থকা হিংসাৰ সমাপ্তিৰ বাবে ইজিপ্তৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল । এই সংঘৰ্ষত এজন পাঁচ বছৰীয়া শিশু আৰু এগৰাকী ১৬ বছৰীয়া কিশোৰীকে ধৰি অতি কমেও ২৩০ জন ফিলিস্তানী আৰু ১২ জন ইজৰাইলী নিহত হয় ।

ijrail
আশ্ৰয় শিবিৰৰ পৰা ঘৰমুখী ফিলিস্তানী পৰিয়ালসমূহ
author img

By

Published : May 21, 2021, 4:37 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২১ মে': বিগত ১১ দিন ধৰি ইজৰাইলত সন্ত্ৰাসবাদী গোট হামাচৰ সংঘৰ্ষ অব্যাহত আছে । এই হিংসা পৰিহাৰ কৰিবলৈ ইজিপ্তৰ পৰা এক প্ৰস্তাৱ গ্ৰহণ কৰে দেশখনে । এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতো বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি ২ বজাত পুনৰ যুদ্ধবিৰতি আৰম্ভ হয় ।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, এই সংঘৰ্ষত ৬৫ টা শিশুসহ ৩৯ গৰাকী মহিলা আৰু ২৩০ জন ফিলিস্তানী নিহত হোৱাৰ লগতে ১,৭১০ জন লোক আহত হয় । ইজৰাইলত এজন পাঁচ বছৰীয়া শিশু আৰু ১৬ বছৰীয়া এগৰাকী কিশোৰীকে ধৰি মুঠ ১২ জন শিশু নিহত হয় ।

ইজৰাইলত হামাচৰ বিগত ১১ দিনে চলি থকা সংঘৰ্ষ তীব্ৰতৰ হোৱাত প্ৰাণৰক্ষাৰ বাবে লোকসকলে তেওঁলোকৰ সন্তান আৰু বয় বস্তুসমূহ লৈ গাজা ষ্ট্ৰীপলৈ যায় । অঞ্চলটোৰ বিদ্যালয়সমূহত আশ্ৰয় লৈছিল ভুক্তভোগী পৰিয়ালসমূহে । ইউএনআৰডব্লিউএ বিদ্যালয়ত আশ্ৰয় লোৱা ফিলিস্তানী পৰিয়ালবোৰে শুকুবাৰে ইজৰাইল আৰু হামাচৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ লগে লগে নিজ ঘৰলৈ উভতি আহে ।

লগতে পঢ়ক: বিল গেটচৰ আচৰণত কিয় অসন্তুষ্ট আছিল পত্নী মেলিণ্ডা গেটচ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.