ETV Bharat / international

আফগান চৰকাৰে শান্তি প্ৰক্ৰিয়া বাধাগ্ৰস্থ কৰিছে : তালিবান - আফগান-তালিবান যুদ্ধবিৰতি

মানৱতাৰ খাতিৰত তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ অনুৰোধ কৰাৰ পিচতে আফগান চৰকাৰৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তালিবানে । আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ আহ্বানক নাকচ কৰি ওলোটাই আফগান চৰকাৰে শান্তি প্ৰক্ৰিয়া বাধাগ্ৰস্থ কৰাৰ অভিযোগ উত্থাপন কৰে তালিবানে ।

আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি
আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি
author img

By

Published : Apr 27, 2020, 2:24 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ দীৰ্ঘদিনীয়া বিৰতিৰ মাজতে তালিবান-আফগান বুজাবুজিক লৈ পুনৰবাৰ অনিশ্চয়তা পৰিলক্ষিত হৈছে । তালিবানে কাবুল চৰকাৰক শান্তি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি, আমেৰিকা আৰু নাটোৰ সৈতে ফেব্ৰুৱাৰীত স্বাক্ষৰিত চুক্তিতো সহযোগিতাৰ অভাৱ বুলি মন্তব্য প্ৰকাশ কৰিছে তালিবানে ।

হিংসাৰ অন্ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানৱতাৰ খাতিৰত তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে । ইয়াৰ পৰৱৰ্তী সময়তে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তালিবানে । তালিবানে আফগান চৰকাৰৰ এই আহ্বান যুক্তিসংগত আৰু বিশ্বাসযোগ্য নহয় বুলি উল্লেখ কৰাৰ লগতে ইতিমধ্য স্বাক্ষৰিত শান্তি চুক্তি ব্যৱস্থাপনা কৰাত বহু বিলম্ব কৰিছে বুলি অভিযোগ উত্থাপন কৰে তালিবানে ।

যুদ্ধবিৰতিৰ লগতে কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য় ৰাখি, আফগান চৰকাৰক প্ৰায় ৫,০০০ যুদ্ধবন্দী মুকলি কৰি দিবলৈ আহ্বান জনাইছিল তালিবানে । কিন্তু তালিবানৰ এই চৰ্তাৱলী মানি লোৱাৰ বিপৰীতে আফগান চৰকাৰৰ মুখ্য কাৰ্যবাহী আব্দুল্লাহ আব্দুল্লাহ আৰু ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ মাজৰ অন্তৰ্কন্দলে শান্তি প্ৰক্ৰিয়াটো অধিক জটিল কৰি তোলে । তালিবানে নাটো, আমেৰিকা আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি শান্তি চুক্তি ফলৱৰ্তী কৰাত কোনোৱে আগবাঢ়ি অহা নাই বুলি উল্লেখ কৰে ।

তালিবানৰ এই মন্তব্যৰ পিচতে আফগানৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ চেদিক চিদ্দিকীয়ে সন্ত্ৰাসবাদীৰ দলটোক বাধা প্ৰদান কৰাৰ পিচতো আক্ৰমণ সংঘটিত কৰি অহাৰ বাবেই শান্তি চুক্তি ফলৱৰ্তী হৈ উঠাত বাধাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰে । আফগানত তালিবানে শেহতীয়াকৈ সেনাবাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ অধিক হাৰত বৃদ্ধি কৰি তুলিছে বুলি উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ।

আফগানৰ অন্তৱৰ্তী মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰ তাৰিক আৰিয়ানে প্ৰকাশ কৰা অনুসৰি, আফগান নিৰাপত্তা সংস্থাসমূহে দেশখনৰ সুৰক্ষা নীতিৰ অধীনত তালিবানৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ লগতে বহুসংখ্যক তালিবানীক নিধন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, আমেৰিকাৰ বিশেষ উপদেষ্টা জালমে খালিজাডে টুইট কৰি তালিবানক শান্তি প্ৰক্ৰিয়ালৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়কঃ তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জালমে খালিজাডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.