নিউজ ডেস্ক, 20 জুলাইঃ ইছলামিক সন্ত্ৰাসবাদীৰ ঘাটিত পুনৰ মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছে আমেৰিকান সেনাবাহিনীয়ে ৷ শেহতীয়াকৈ ইৰাকী সেনাবাহিনীৰ সহযোগত দেশখনৰ উত্তৰাঞ্চলৰ নাইনভে প্ৰদেশত সংঘটিত এক এয়াৰ ষ্ট্ৰাইকত বাহিনীটোৱে নিধন কৰিবলৈ সক্ষম হৈছে 10টাকৈ আইছিছ সন্ত্ৰাসবাদীক ৷
নাইনভে প্ৰদেশৰ অল-বাজ মৰুভূমিত থকা আইছিছৰ ঘাটিত আমেৰিকান বায়ুসেনাই সংঘটিত কৰে এই এয়াৰষ্ট্ৰাইক ৷ ছিৰিয়াৰ সীমান্তৱৰ্তী অঞ্চলটো আইছিছে প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰি অহাৰ উপৰিও দেশখনৰ অন্যান্য স্থানত আক্ৰমণ সংঘটিত কৰাৰ মুল ঘাটি হিচাপে ব্যৱহাৰ কৰি আহিছিল ৷ বায়ুসেনাৰ আক্ৰমণত সন্ত্ৰাসবাদীকেইজন নিহত হোৱাৰ উপৰিও বহু পৰিমানৰ বিধ্বংসী অস্ত্ৰ-শস্ত্ৰকে ধৰি যান-বাহনো ধ্বংস হয় ৷ উল্লেখ্য যে, 2017 চনত আইছিছ সন্ত্ৰাসবাদীয়ে ইৰাকৰ অধিকাংশ অঞ্চল দখল কৰি লোৱাৰ পিচতে আমেৰিকান সেনাৰ সহযোগত শেহতীয়াকৈ ইৰাকৰ বহু অঞ্চল আইছিছৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইৰাকী সেনাই ৷