কাবুল, 27 মে' : কাবুলত বোমা বিস্ফোৰণত নিহত 10 জনকৈ চৰকাৰী বিষয়া ৷ আফগান চৰকাৰী বিষয়াই যাত্ৰা কৰা এখন বাছত সন্ত্ৰাসবাদীয়ে আই ই ডি নিক্ষেপ কৰি হত্যা কৰে চৰকাৰী বিষয়াকেইজনক ৷
সোমবাৰে পুৱা 7:45 বজাত সংঘটিত হয় আই ই ডি বিস্ফোৰণ ৷ হজ আৰু ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিষয়া৷ কঢ়িয়াই নিয়া বাছ এখনলৈ লক্ষ্য কৰি বোমা বিস্ফোৰণ কৰে সন্ত্ৰাসবাদীয়ে ৷ এই বিস্ফোৰণৰ দায়িত্ব বৰ্তমানলৈ মূৰ পাতি লোৱা নাই কোনো সন্ত্ৰাসবাদী সংগঠনে ৷
বিস্ফোৰণৰ পাচতেই আৰক্ষী তথা সেনা জোৱান মোতায়েন কৰা হৈছে ঘটনাস্থলীত৷ আফগানিস্তান প্ৰশাসনে বন্ধ ঘোষণা কৰিছে সমগ্ৰ অঞ্চলটো ৷