ETV Bharat / international

ইংলেণ্ডত থকাৰ আন এক সুযোগ দিবলৈ গৃহ সচিবক আহ্বান বিজয় মালিয়াৰ - বিজয় মালিয়া

ইংলেণ্ডত থকাৰ আন এক সুযোগ বিচাৰি দেশখনৰ গৃহ সচিবক আবেদন জনালে বিজয় মালিয়াই । এই আবেদনে মালিয়াই দেশখনতে আশ্ৰয় ল'ব বিচৰাকে সূচাইছে ।

ইংলেণ্ডত থকাৰ আন এক সুযোগ দিবলৈ গৃহ সচিবক আহ্বান বিজয় মালিয়াৰ

author img

By

Published : Jan 23, 2021, 7:03 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী: পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াই ইংলেণ্ডত খোপনি পুতিবলৈ এইবাৰ দেশখনৰ গৃহ সচিব প্ৰীতি পেটেলৰ কাষ চাপিল । ইংলেণ্ডত থকাৰ আন এক সুযোগ দিবলৈ গৃহ সচিবক আবেদন জনালে মালিয়াই । লণ্ডনৰ উচ্চ ন্যয়ালয়ত শুক্ৰবাৰে মালিয়াৰ অধিবক্তাই এক শুনানিৰ সময়ত এই অনুৰোধ জনাইছিল । ৬৫ বছৰীয়া মালিয়াই বেংকৰ পৰা বিলিয়ন ডলাৰৰো অধিক ধন ঋণ হিচাপে লৈ বেংকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

২০১৩ চনত কিংফিছাৰ এয়াৰলাইনছৰ ব্যৱসায় শেষ হোৱাৰ পিছতে তেওঁ এই গোচৰৰ সৈতে জড়িত পৰে । মালিয়াৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ সকলো আইনী প্ৰক্ৰিয়া সম্পন্ন হৈছে । অৱশ্যে জামিন লাভ কৰি বৰ্তমান মুকলি আকাশৰ তলত থকা মালিয়াৰ ভাৰতলৈ প্ৰত্যাৰ্পণ বিষয়ক আদেশত এতিয়াও গৃহ সচিব প্ৰীতি পেটেলে আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰা নাই । আনহাতে, বিজয় মালিয়াই গৃহ সচিবক ইংলেণ্ডত থকাৰ সুযোগ বিচাৰি জনোৱা আবেদনে মালিয়াই দেশখনতে আশ্ৰয় ল'ব বিচৰাতোকে সূচাইছে ।

শুক্ৰবাৰে উচ্চ ন্যয়ালয়ত মালিয়াৰ অধিবক্তা ফিলিপ মাৰ্শ্বেলে কয় যে, মালিয়াৰ প্ৰত্যাৰ্পণৰ সকলো কাম সম্পন্ন হৈছে । কিন্তু এতিয়াও তেওঁ দেশখন থকাৰ আন এক সুযোগ লাভ কৰাৰ অৱকাশ আছে । আনহাতে, মালিয়াই ফ্ৰান্স ৰিভিয়েৰাত থকা নিজৰ বিলাসী সম্পত্তি বিক্ৰীৰ বাবদ লাভ কৰা ধন তেওঁক মুকলি কৰি দিয়াতো বিচাৰিছে । এই ধন আদালত পুঁজি কাৰ্যালয়ত জমা ৰখা হৈছে ।

লগতে পঢ়ক:ব্ৰাজিলে লাভ কৰিলে ভাৰতৰ কোভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.