নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ ২১ এপ্ৰিলত ৯৪ বছৰত ভৰি থব লগা ব্ৰিটেইনৰ ৰাণীয়ে কয় যে,কিবা সমস্যাৰ সৃষ্টি হ'লে চৰকাৰী কাৰ্যলয় সমূহত উৰি থকা পতাকাই সকলো ধাকি পেলাব। ৰাণীৰ জন্মদিন উপলক্ষে কৰা পৰম্পৰাগত বন্ধুক চালামী বৰ্জন কৰে বুলি মন্তব্য কৰে ৰাণীয়ে।
ৰাণী গৰাকীয়ে উল্লেখ কৰে যে,বৰ্তমান পৰ্যন্ত ব্ৰিটেইনত ১৪,৬০৭ জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু আঁকোৱালিছে। আনহাতে,বৰ্তমানেও ১,০৪,৭৬৯ জন লোক ভাইৰাছত আক্ৰান্ত ।
আনহাতে,ব্ৰিটেইনত লক ডাউন অব্য়াহত থকাৰ বাবেই জুন মাহত চৰকাৰীভাৱে পালন কৰা জন্মদিন পালন নকৰে বুলিও সদৰী কৰে ৰাণী গৰাকীয়ে ।
৫ এপ্ৰিলত ৰাণী গৰাকীয়ে সংবাদ মাধ্যমযোগে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ব্ৰিটেইনৰ জনসাধৰণক একতাৰে থাকিবলৈ আহ্বান জনাই । একতাৰে থাকিলে সকলো কাম সম্ভৱ বুলিও কয় মহাৰাণী গৰাকীয়ে ।