ইন্টাৰনেশ্যনেল ডেস্ক, 25 মাৰ্চ : ব্ৰিটেইনৰ যুৱৰাজ 'প্ৰিন্স চাৰ্লছ' আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ 71 বছৰীয়া প্ৰিন্স চাৰ্লছৰ শৰীৰত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ তেওঁক ইতিমধ্যে স্কটলেণ্ডৰ ৰাজকীয় আৱাসত আছুতীয়াকৈ ৰখা হৈছে ৷
অৱশ্যে তেওঁৰ পত্নী কেমিলা এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি বিবৃতিত প্ৰকাশ ৷ চাৰ্লছৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ হৈ আছে বুলি প্ৰকাশ কৰাৰ লগতে তেওঁ নিজ গৃহৰ পৰাই সকলো কাম-কাজ চলাই আছে বুলিও বিবৃতিত উল্লেখ ৷
আৰু পঢ়ক : কাবুলত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণঃ নিহত 25ৰো অধিক