ETV Bharat / international

100খন চিকিৎসালয়ৰ ঋণ ৰেহাই কৰিছে ব্ৰিটেইন চৰকাৰে - ইংলেণ্ডৰ স্বাস্থ্য সচিব মেট হেংকক

COVID-19ৰ সৈতে যুঁজ দিবৰ বাবে চিকিৎসালয়ৰ পৰা 16.48 বিলিয়ন মাৰ্কিন ডলাৰ ঋণ মাফ ব্ৰিটেইন চৰকাৰৰ ৷ চিকিৎসালয়সমূহক বিত্তীয় সকাহ দিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ গ্ৰেট ব্ৰিটেইন চৰকাৰৰ ৷ ইংলেণ্ডৰ স্বাস্থ্য সচিব মেট হেংককে 2 এপ্ৰিলত ঘোষণা কৰে এই কথা ৷

UK govt waives off USD 16.48 bn debt on hosps to fight COVID-19
100খন চিকিৎসালয়ৰ ঋণ ৰেহাই কৰিছে ব্ৰিটেইন চৰকাৰে
author img

By

Published : Apr 8, 2020, 11:56 AM IST

Updated : Apr 8, 2020, 12:12 PM IST

নিউজ ডেস্ক,8 এপ্ৰিলঃ COVID-19ৰ দৰে বিশ্ব ত্ৰাস সৃষ্টি কৰা মহামাৰীৰ সৈতে যুঁজ দিবৰ বাবে ব্ৰিটেইন চৰকাৰে 100ৰো অধিক ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অধীনৰ চিকিৎসালয়ত 16.48 বিলিয়ন মাৰ্কিন ডলাৰ ঋণ মাফ কৰিছে ৷

এই পেকেজৰ উদ্দেশ্য ভাইৰাছৰ লগত যুঁজ দিবৰ বাবে চিকিৎসালয় সমূহত বিত্তীয় সহাৰ্য প্ৰদান কৰা ৷ ইংলেণ্ডৰ স্বাস্থ্য সচিব মেট হেংককে 2 এপ্ৰিলত ঘোষণা কৰে এই কথা ৷

তেওঁ কয় ,"এই পেকেজৰ যোগেদি চিকিৎসালয় সমূহত COVID-19ৰ সৈতে যুঁজ দিবৰ বাবে জৰুৰীকালিন সেৱাসমূহ চলাই নিবৰ বাবে আৱশ্যক ধন লাভ কৰিব চৰকাৰৰ পৰা ৷ কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিবৰ বাবে যি প্ৰয়োজন তাকে কৰিবলৈ মই প্ৰতিশ্ৰুতিৱদ্ধ ৷ এই পেকেজটোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাক জৰুৰী পৰিকল্পনা আৰু তাক তাৎক্ষণিক কাৰ্যকৰী কৰাৰ বাবে আৰ্থিক সুনিশ্চয়তা প্ৰদান কৰিব ৷ "

"আমি এই ব্যৱহাৰিক পদক্ষেপক সমৰ্থন কৰিছো ৷ এই পদক্ষেপে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ চিকিৎসালয়, মানসিক স্বাস্থ্য আৰু সামুদায়িক সেৱাৰ স্থিতি মজবুত কৰিব ৷ বিশ্বৰ কৰ'ণা ভাইৰাছ মহামাৰীৰ তৎকালীন প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে আহিবলগীয়া বৰ্ষ সমূহতো ই ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ সহায়ক হ'ব ৷" এইদৰে জনাই ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ মুখ্য কাৰ্যবাহী ছাইমন ষ্টেভেনছে ৷

এই সংক্ৰান্তত ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ অধীনৰ চিকিৎসালয় সমূহৰ ন্যাসৰক্ষী ছেফৰণ কৰ্ডেৰীয়ে জনাই যে, " চিকিৎসালয়ৰ ন্যাস পৰিচালনাৰ ক্ষেত্ৰত বিগত কিছু সময়ৰ পৰা ঋণৰ বাবে যথেষ্ট অস্থিৰ পৰিস্থিতি চলি আছে ৷ বৰ্তমান COVID-19ৰ ফলত আৰু অধিক প্ৰভাৱ পৰিছে বিত্তীয় ন্যাসত ৷"

লগতে পঢ়কঃবিহাৰত উদ্ভাৱন ভাৰতৰ প্ৰথমখন 'Corona warriors' mobile van'

Last Updated : Apr 8, 2020, 12:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.