ETV Bharat / international

Russia Ukraine War : ইউক্ৰেইনত নিহত দুগৰাকী সাংবাদিক - Free Expressions Program

যুদ্ধভূমিত অব্যাহত মৃত্যুৰ কিৰিলি । প্ৰাণ হেৰুৱালে দুগৰাকীকৈ সাংবাদিকে (Two journalists killed in Ukraine) । মৃত সাংবাদিক দুগৰাকীৰ এগৰাকী প্ৰবীণ ভিডিঅ'গ্ৰাফাৰ হোৱাৰ বিপৰীতে আনগৰাকী ইউক্ৰেইনৰ ২৪ বছৰীয়া সাংবাদিক ।

Two journalists killed in Ukraine
ইউক্ৰেইনত নিহত দুগৰাকী সাংবাদিক
author img

By

Published : Mar 16, 2022, 2:01 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ মাৰ্চ : যুদ্ধভূমিৰ বাতৰি দিবলৈ গৈ ইউক্ৰেইনত নিহত দুগৰাকী সাংবাদিক (Two journalists killed in Ukraine) । ৫৫ বছৰীয়া পিয়েৰ জাকাৰজেৱেস্কি আৰু ওলেকচন্দ্ৰা চচা কুভশ্যেনোভা সোমবাৰে Fox News ৰ সাংবাদিক বেঞ্জামিন হলৰ সৈতে হোৰেংকলৈ যাত্ৰা কৰিছিল । যাত্ৰাপথত তেওঁলোকৰ বাহনত জুই লগাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়তে প্ৰাণ হেৰুৱাই সাংবাদিক বেঞ্জামিন হলে ৷

নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া চুজান স্কটে মঙলবাৰে এক বিবৃতিত কয় যে Fox News মিডিয়া আৰু যুদ্ধভূমিৰ বাতৰি প্ৰদান কৰা সাংবাদিকসকলৰ বাবে এয়া এক হৃদয়বিদাৰক খবৰ । ইফালে দেওবাৰৰ দিনটোতো যুদ্ধক্ষেত্ৰৰ কভাৰেজ দিয়া তথ্যচিত্ৰ নিৰ্মাতা ব্ৰেণ্ট ৰেনাউডৰ বাহনৰ ওপৰত কিয়েভৰ বাহিৰৰ ইৰপিনত গুলীচালনা কৰা হৈছে ।

এই খবৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ লোকসকল তথা যুদ্ধভূমিৰ খবৰ প্ৰদান কৰা সাংবাদিকসকলৰ ভয়াৱহ বিপদৰ সূচনা কৰে । PN আমেৰিকাৰ Free Expressions Program ৰ সঞ্চালক লোপেজে জনাই যে যুদ্ধভূমিত সাংবাদিকসকলৰ বিপদ দিনকদিনে বৃদ্ধি পাই আহিছে ৷

উল্লেখ্য যে, আইৰিছৰ নাগৰিক আৰু লণ্ডনৰ বাসিন্দা জাকাৰজেৱেস্কিয়ে Fox News ৰ বাবে আফগানিস্তান আৰু চিৰিয়াৰ সংঘৰ্ষৰো কভাৰেজ কৰিছিল । জাকাৰজেৱেস্কিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰত্যাহাৰৰ পিছত ফক্সৰ ফ্ৰীলান্সাৰ আৰু তেওঁলোকৰ পৰিয়ালক আফগানিস্তানৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে আভ্যন্তৰীণ অখ্যাত নায়ক বঁটা লাভ কৰিছিল ।

তেওঁ যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই ইউক্ৰেইনত কাম কৰি আহিছিল । ফক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰতিবেদক জেনিফাৰ গ্ৰিফিনে টুইটযোগে শোক প্ৰকাশ কৰি কয় যে এগৰাকী খুবেই ভাল মানুহ আছিল জাকাৰজেৱেস্কি । ইউক্ৰেইনত জাকাৰজেৱেস্কিৰ সৈতে কাম কৰা এগৰাকী সহকৰ্মী ট্ৰে ইংষ্টে জনাই যে তেওঁ যথেষ্ট কৰ্মপটু আছিল ।

আনহাতে, নিহত কুভশ্যেনোভা এগৰাকী স্থানীয় ফিক্সাৰ আছিল । তেওঁ কিয়েভৰ এলেকাত বাতৰি পৰিৱেশনত সহায় কৰিছিল । সংগীত, কলা আৰু ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী আছিল বুলি স্কটে বিবৃতিত উল্লেখ কৰে । তেওঁলোকৰ বহুকেইজন প্ৰযোজক আৰু সংবাদদাতাই কুভশ্যেনোভাৰ সৈতে প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে দীৰ্ঘসময় অতিবাহিত কৰাৰ ফলত তেওঁক অধিক জানিব পাৰিছিল ৷ তেওঁ যথেষ্ট পৰিশ্ৰমী, ধেমেলীয়া, দয়ালু আৰু সাহসী বুলিও স্কটে উল্লেখ কৰে ।

মঙলবাৰে ৱাছিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওকছানা মাৰ্কাৰোভাই ইউক্ৰেইনৰ মাটিত থকা সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে । বিশ্বক সঁচা কথা ক'বলৈ নিজৰ জীৱন বিপদত পেলোৱাটো ইউক্ৰেইন আৰু বিশ্বক আৱশ্যক বুলি তেওঁ নেচনেল প্ৰেছ ক্লাবত উল্লেখ কৰে । ইউক্ৰেইনৰ PBS নিউজ আৱাৰৰ সংবাদদাতা জেন ফাৰ্গুচনে টুইটাৰত কয় যে, তেওঁ আগতে দেখা বা অভিজ্ঞতা লাভ কৰা যুদ্ধৰ বিপৰীতে ফিল্ড ৰিপ'ৰ্টাৰ হিচাপে যুদ্ধটো কভাৰ কৰাটো অবিশ্বাস্যভাৱে কঠিন ।

আন এগৰাকী ফাৰ্গুচনে কয় যে, তেওঁলোক যথেষ্ট কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে । এক ভয়াবহ স্মৃতি সুঁৱৰি কয় যে মাত্ৰ কেইদিনমান পূৰ্বে ইউক্ৰেইনৰ সৈন্যসকলে তেওঁলোকে গাড়ীৰ পৰা ভিডিঅ' কৰাৰ সন্দেহত তেওঁলোকক গান পইণ্টত ৰাখি গাড়ীৰ পৰা উলিয়াই নিছিল । তেওঁলোকৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ পাছতহে তেওঁলোকক যাবলৈ দিয়া হৈছিল । কিন্তু, কেইমিনিটমানৰ বাবে এয়া যথেষ্ট আছিল ।

ইৰাক আৰু আফগানিস্তানত থকাৰ দৰে আনুষ্ঠানিকভাৱে কেইজনমান সাংবাদিক সৈন্যৰ সৈতে জড়িত হৈ আছে । উদাহৰণস্বৰূপে বহুতো সাংবাদিকে স্বতন্ত্ৰভাৱে গাড়ী চলাই আছে, যিটো বিপদজনক বুলি ফাৰ্গুচনে উল্লেখ কৰে ।

লগতে পঢ়ক: আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.