ETV Bharat / international

Russia Ukraine conflict: ৰাছিয়া আৰু ইউক্ৰেইনত টুইটাৰৰ বিজ্ঞাপন প্ৰদৰ্শন বন্ধ

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine conflict) অব্যাহত থকাৰ মাজতে টুইটাৰ কতৃপক্ষৰ বিশেষ ঘোষণা । দুয়োখন দেশতে টুইটাৰে বিজ্ঞাপনৰ প্ৰদৰ্শন বন্ধ কৰিলে । এই সন্দৰ্ভত তিনিটা ভাষাত টুইটাৰে প্ৰকাশ কৰিলে বিবৃতি ।

Russia Ukraine conflict
ৰাছিয়া আৰু ইউক্ৰেইনত টুইটাৰৰ বিজ্ঞাপন প্ৰদৰ্শন বন্ধ
author img

By

Published : Feb 26, 2022, 1:22 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । তৃতীয় দিনাও ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে টুইটাৰ কতৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা । ইউক্ৰেইন আৰু ৰাছিয়াত টুইটাৰে বন্ধ কৰিলে বিজ্ঞাপনৰ প্ৰদৰ্শন (Twitter suspends advertisements in Russia and Ukraine)।

Russia Ukraine conflict
ৰাছিয়া আৰু ইউক্ৰেইনত টুইটাৰৰ বিজ্ঞাপন প্ৰদৰ্শন বন্ধ

টুইটাৰে প্ৰকাশ কৰিছে এই কথা । মানুহৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ উদ্দেশ্যে টুইটাৰ কতৃপক্ষই গ্ৰহণ কৰিছে এই পদক্ষেপ । বিজ্ঞাপনবোৰৰ বাবে যাতে ব্যৱহাৰকাৰীসকল গুৰুত্বপূৰ্ণ তথ্য লাভৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে কতৃপক্ষই ।

  • Our top priority is keeping people on Twitter safe.

    We’re actively monitoring for risks associated with the conflict in Ukraine, including identifying and disrupting attempts to amplify false and misleading information.

    Here are the steps we’ve taken:

    — Twitter Safety (@TwitterSafety) February 25, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইংৰাজী, ৰাছিয়ান আৰু ইউক্ৰেনীয়ান এই তিনিটা ভাষাত টুইটাৰে প্ৰকাশ কৰিছে বিবৃতি । লগতে কতৃপক্ষই উল্লেখ কৰা মতে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক তথ্য প্ৰকাশ কৰি যাতে কোনোৱে লোকসকলক বিচলিত কৰিব নোৱাৰে তাৰ ওপৰতো চোকা দৃষ্টি ৰাখিছে টুইটাৰে । সংঘৰ্ষৰ মিছা ফটো বা ভিডিঅ' শ্বেয়াৰ কৰা সকলৰ ক্ষেত্ৰতো দৃষ্টি ৰাখিব টুইটাৰে ।

লগতে পঢ়ক :Russia Ukraine war:ভাৰতীয়ক উদ্ধাৰৰ বাবে ৰোমানিয়া আৰু হাংগেৰীলৈ এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.