ETV Bharat / international

Swedens first female PM resigns : নিৰ্বাচনৰ ২৪ ঘণ্টাৰ ভিতৰতে চুইডেনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ পদত্যাগ

author img

By

Published : Nov 25, 2021, 12:47 PM IST

চুইডেনৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনে বুধবাৰে পদত্যাগ কৰে(Swedens first female PM resigns) । প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন হোৱাৰ ১২ ঘণ্টাৰ ভিতৰতে তেওঁ পদত্যাগ কৰে । মিত্ৰজোঁটৰ গ্ৰীণ পাৰ্টিয়ে চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতে এণ্ডাৰছনে পদত্যাগ কৰে ।

Swedens first female PM
চুইডেনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ পদত্যাগ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ : শেহতীয়াকৈ চুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ছ'চিয়েল ডেমক্ৰেট নেত্ৰী মাগদালেনা এণ্ডাৰ্ছন । কিন্তু ইয়াৰ পাছতে সংখ্যালঘু মিত্ৰজোঁট তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত পদত্যাগ পত্ৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । বুধবাৰে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ কেইঘণ্টামান পিছতে পদত্যাগ কৰিবলৈ বাধ্য হয়(Swedens first female PM resigns) ।

চৰকাৰে সংসদত বাজেট উত্থাপন কৰিছিল যদিও সংসদে বিৰোধীৰ বাজেট প্ৰস্তাৱ গৃহীত কৰে ৷ লগতে এণ্ডাৰ্ছনৰ মিত্ৰজোঁটৰ অংশীদাৰ গ্ৰীণ পাৰ্টীয়ে ইয়াক সমৰ্থন কৰে । লগে লগে গ্ৰীণ পাৰ্টীয়ে শাসকীয় দলৰ সমৰ্থন উঠাই লোৱাৰ সিদ্ধান্ত লয় । যাৰ ফলত এণ্ডাৰ্ছনে পদত্যাগৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ।

প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে বাওঁপন্থী দলৰ সৈতে তেওঁ চুক্তি সম্পন্ন কৰে । বাওঁপন্থী দলে তেওঁক সমৰ্থন কৰাৰ বিনিময়ত প্ৰায় ৭,০০,০০০ দৰিদ্ৰ পেঞ্চনাৰৰ বাবে পেঞ্চন বৃদ্ধিৰ দাবী জনাইছিল ।

অৱশ্যে, পিছত শাসকীয় মিত্ৰজোঁটৰ বাজেট প্ৰস্তাৱটো মডাৰেট পাৰ্টী, চুইডেন ডেমক্ৰেটছ আৰু খৃষ্টান ডেমক্ৰেটে যুটীয়াভাৱে প্ৰস্তাৱিত বাজেটৰ সপক্ষে ভোট প্ৰদান কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফান লফভেনৰ অধীনত বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা এণ্ডাৰ্ছনে কয় যে তেওঁ বিৰোধীৰ বাজেটৰ সৈতে দেশক নেতৃত্ব দিব পাৰিব, কিন্তু কেৱল সামান্য পৰিৱৰ্তনৰ প্ৰয়োজন । কিয়নো মিত্ৰজোঁটৰ গ্ৰীণ পাৰ্টীৰ এটা বেলেগ মতামত আছিল ।

সংসদে বিৰোধীৰ বাজেট গৃহীত কৰাৰ পাছতে গ্ৰীণ পাৰ্টীয়ে ঘোষণা কৰে যে তেওঁলোকে মিত্ৰজোঁট ভংগ কৰিব । কিয়নো তেওঁলোকে চুইডেন ডেমক্ৰেটৰ দ্বাৰা আলোচনা কৰা বাজেট সমৰ্থন কৰিব নোৱাৰে । লক্ষণীয়ভাৱে সংসদে এতিয়া এগৰাকী নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব লাগিব । গ্ৰীণ পাৰ্টীয়ে কৈছে যে তেওঁলোকে এণ্ডাৰ্ছনক সমৰ্থন কৰিব, কিন্তু তেওঁ একক দলৰ চৰকাৰৰ নেতৃত্ব দিবলৈ প্ৰস্তুত থাকিব লাগিব ।

লগতে পঢ়ক : ছাই ইং ৱেনৰ কাৰ্যকালত চীনে আক্ৰমণ নকৰে : টাইৱানৰ ৰাষ্ট্ৰীয় সুৰক্ষা ব্যুৰ' চীফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.