ETV Bharat / international

Russia Ukraine war : ৰাছিয়াৰ যুদ্ধবিৰতি ঘোষণাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ

author img

By

Published : Mar 5, 2022, 12:14 PM IST

Updated : Mar 5, 2022, 2:18 PM IST

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বৃহৎ খবৰ ৷ সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ (Russia declared temporary ceasefire)৷ বিভিন্ন অঞ্চলত আৱদ্ধ ভাৰতীয় আৰু বিদেশী লোকসকলক উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ । ৰাছিয়াই বিদেশী নাগৰিকক উদ্ধাৰৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

war ceasefire by russia
ৰাছিয়াৰ যুদ্ধবিৰতি

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ (Russia Ukraine war) অব্যাহত আছে । ইয়াৰ মাজতে সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ (Russia declared temporary ceasefire)। বিদেশী নাগৰিকসকলক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাছিয়াই ।

বিদেশী নাগৰিকক উদ্ধাৰৰ বাবে গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰিব ৰাছিয়াই । ইতিমধ্যে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাছিয়া চৰকাৰে । ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনোৱা মতে ভাৰতীয় শিক্ষাৰ্থী আৰু অন্যান্য বিদেশী নাগৰিকসকলক ইউক্ৰেইনৰ পূব চহৰ খাৰকিভ আৰু চুমিৰ পৰা স্থানান্তৰ কৰিবলৈ ৰাছিয়াৰ বাছসমূহ ক্ৰছিং পইণ্টত সাজু কৰি ৰখা হৈছে ।

উল্লেখ্য যে ইউক্ৰেইনৰ জাপোৰিজহজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত ৰাছিয়াই আক্ৰমণ কৰাৰ পাছতে ১৫ ৰাষ্ট্ৰৰ পৰিষদে শুকুৰবাৰে এক জৰুৰী কালীন বৈঠক অনুষ্ঠিত কৰে । বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ভাচিলি নেবেঞ্জিয়াৰ স্থায়ী প্ৰতিনিধিয়ে উল্লেখ কৰা মতে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনত আৱদ্ধ বিদেশী নাগৰিকসকলক শান্তিপূৰ্ণভাৱে স্থানান্তৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

জানিব পৰা মতে, ভাৰতীয় শিক্ষাৰ্থী আৰু অন্যান্য বিদেশী নাগৰিকসকলক স্থানান্তৰৰ বাবে ৰাছিয়াৰ বেলগোৰোড অঞ্চলত পুৱা ৬ বজাৰ পৰাই প্ৰায় ১৩০ খন বিলাসী বাছ সাজু কৰি ৰখা হৈছে । ৰাছিয়াৰ দূতজনে কোৱা মতে চেকপইণ্টবোৰত অস্থায়ী বাসস্থান, বিশ্ৰামৰ বাবে ঠাই আৰু গৰম খাদ্য যোগানৰ সুবিধা কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে ঔষধৰ লগতে ভ্ৰাম্যমাণ চিকিৎসা কেন্দ্ৰও স্থাপন কৰা হৈছে । ৰাছিয়াৰ দূতজনৰ মতে বিদেশী নাগৰিকসকলক উদ্ধাৰ কৰি বেলগোৰোডলৈ লৈ যোৱা হ'ব আৰু তাৰ পৰা বিমানেৰে তেওঁলোকক স্বদেশলৈ প্ৰেৰণ কৰা হ'ব ।

ইয়াৰ মাজতে প্ৰতিনিধিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ইউক্ৰেইনৰ একাংশ লোকে খাৰকিভ আৰু চুমি চহৰত বলপূৰ্বক ভাৱে ৩,৭০০ তকৈও অধিক ভাৰতীয় নাগৰিকক আৱদ্ধ কৰি ৰাখিছে । সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকক চহৰ এৰি যোৱাত বাধা দিছে । খাৰকিভত ভাৰতৰ ৩,১৮৯ গৰাকী নাগৰিক, ভিয়েটনামৰ ২,৭০০ গৰাকী, চীনৰ ২০২ গৰাকী নাগৰিকক আৱদ্ধ কৰি ৰখাৰ তথ্য দাঙি ধৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰদূতে পৰিষদক জনোৱা মতে চুমি চহৰত ঠিক তেনেদৰে ৫৭৬ গৰাকী, ঘানাৰ ১০১ গৰাকী আৰু চীনৰ ১২১ গৰাকী লোক আৱদ্ধ হৈ আছে ।

ৰাছিয়াৰ এনে অভিযোগ নস্যাৎ কৰে ইউক্ৰেইন কৰ্তৃপক্ষই । ৰাষ্ট্ৰসংঘৰ ইউক্ৰেইন ৰাষ্ট্ৰদূতৰ স্থায়ী প্ৰতিনিধিয়ে প্ৰতিক্ৰিয়া স্বৰূপে কয় যে মিছা কথা প্ৰচাৰ কৰাৰ পৰিৱৰ্তে বিদেশী শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে ৰাছিয়াৰ সেনা বাহিনীক আহ্বান জনাব লাগে ৰাছিয়া প্ৰশাসনে ।

ইউক্ৰেইনত ভাৰতীয় নাগৰিকক আৱদ্ধ কৰি ৰখাৰ অভিযোগ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে বৰ্তমানলৈ তেনেধৰণৰ তথ্য ভাৰতে লাভ কৰা নাই । ইতিমধ্যে খাৰকিভ আৰু চুবুৰীয়া অঞ্চলৰ পৰা দেশৰ পশ্চিম অংশলৈ শিক্ষাৰ্থীসকলক উলিয়াই নিয়াৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ বাবে ইউক্ৰেইন কৰ্তৃপক্ষক অনুৰোধ জনাইছে ভাৰত চৰকাৰে ।

বাগচীয়ে উল্লেখ কৰা মতে ভাৰতে ৰাছিয়া, ৰোমানিয়া, পোলেণ্ড, হাংগেৰী, শ্ল’ভাকিয়াকে ধৰি কেইবাখনো চুবুৰীয়া দেশৰ সৈতে কাৰ্যকৰীভাৱে সমন্বয় ৰক্ষা কৰি আহিছে । যোৱা কেইদিনমানত ইউক্ৰেইনৰ পৰা বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰা হৈছে ।

ইয়াক সম্ভৱ কৰি তোলাত ইউক্ৰেইন কৰ্তৃপক্ষই দিয়া সঁহাৰিক প্ৰশংসাও কৰে বাগচীয়ে । ইফালে, পৰিষদৰ বৈঠকত ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিৰ স্থায়ী প্ৰতিনিধিয়ে পৰিষদক অৱগত কৰিছে যে ইউক্ৰেইনত এক ভয়ংকৰ মানৱীয় সংকটৰ সন্মুখীন হৈছে ভাৰত । বিশেষকৈ শিক্ষাৰ্থীসকল বিপদত পৰিছে ।

লক্ষণীয়ভাৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণৰ ওপৰত কোনো ধৰণৰ প্ৰস্তাৱতে মতামত আগবঢ়োৱা নাই ভাৰতে । দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত ভোটদানতো অংশ নল'লে ভাৰতে । আনহাতে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়া বা অংশগ্ৰহণ নকৰা ৰাষ্ট্ৰসমূহক সমালোচনা কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত কিছলিটচিয়াই ।

লগতে পঢ়ক : Russia Ukraine war : যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

Last Updated : Mar 5, 2022, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.