ইন্টাৰনেচনেল ডেস্ক, ৪ মাৰ্চ :ৰাছিয়াৰ আক্ৰমণৰ ফলত দক্ষিণ ইউক্ৰেইনত অৱস্থিত জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত (Zaporizhzhia Nuclear Power Plant ) জুই লগাৰ খবৰ পোৱা গৈছে(Russian troops shell Europe's Largest Nuclear Power Plant) । জাপোৰিজজিয়া হৈছে ইউৰোপৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক শক্তি প্ৰকল্প । ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ আৰু গুলীবৰ্ষণৰ ফলত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ।
এই অগ্নিকাণ্ডৰ পাছতেই ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমিট্ৰো কুলেবাই(Ukraine Foreign Minister Dmytro Kuleba) ৰাছিয়াক আক্ৰমণ বন্ধ কৰাৰ বাবে আহ্বান জনাই কয় যে, পাৰমাণৱিক শক্তি প্ৰকল্পৰ জুই যদি সোনকালে নিৰ্বাপণ কৰা নহয় তেন্তে ই ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে । "ৰাছিয়াৰ সেনাই ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প জাপোৰিজিয়াত সকলো ফালৰ পৰা গুলীবৰ্ষণ কৰি আছে । জুই ইতিমধ্যে আৰম্ভ হৈছে । যদি ই বাঢ়ে তেন্তে ইয়াৰ ফলাফল ১৯৮৬ চনত হোৱা চাৰ্ণোবাইল পাৰমাণৱিক শক্তি প্ৰকল্পত হোৱা অগ্নিকাণ্ডতকৈ ১০ গুণ ভয়াৱহ হ'ব !" ডিমিট্ৰো কুলেবাই এক টুইটৰ জৰিয়তে কয় এই কথা ।
"ৰাছিয়ানসকলে তৎক্ষণাৎ গুলীবৰ্ষণ বন্ধ কৰিব লাগে, অগ্নিনিৰ্বাপক বাহিনীক অনুমতি দিব লাগে আৰু এটা সুৰক্ষা বেহু স্থাপন কৰিব লাগে !" কুলেবাই টুইটত কয় ।
শুকুৰবাৰে ৰাছিয়ান সংবাদ সংস্থা স্পুটনিকে জনোৱা অনুসৰি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে ৰাছিয়ান সৈন্যই এই অঞ্চলৰ ওপৰত ইতিমধ্যেই নিয়ন্ত্ৰণ স্থাপন কৰিছে ।
"জাপোৰিজজিয়া পাৰমাণৱিক শক্তি প্ৰকল্পত অগ্নিকাণ্ড সংঘটিত হৈছে । ই সমগ্ৰ ইউৰোপতেই পাৰমাণৱিক বিপৰ্যয়ৰ পুনৰাবৃত্তিৰ কৰাৰ আশংকা কৰা হৈছে । ৰাছিয়ানসকলে গুলীবৰ্ষণ বন্ধ কৰিব লাগে !" ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ মুৰব্বীৰ উপদেষ্টা মাইখাইলো পোডোলিয়াকে এক টুইটৰ জৰিয়তে কয় ।
লগতে পঢ়ক : Russia-Ukraine conflict: ইউক্ৰেইনত আহত ভাৰতীয় ছাত্ৰ