ETV Bharat / international

দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদৰ নামত প্ৰতিমূৰ্তি উন্মোচন কৰিলে পুটিনে - ৰাষ্ট্ৰপতি পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদৰ স্মৃতিত এক প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ দেশৰক্ষাৰ নামত জীৱন আহুতি দিয়া সৈনিকসকলৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে পুটিনে এইদৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে ৷

দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদৰ নামত প্ৰতিমূৰ্তি উন্মোচন কৰিলে পুটিনে

author img

By

Published : Jul 1, 2020, 4:41 PM IST

নিউজ ডেস্ক, 1 জুলাই : দ্বিতীয় বিশ্বযুদ্ধত পৰাক্ৰম দেখুওৱা ৰেড আৰ্মিৰ শ্বহীদ জোৱানসকলৰ স্মৃতিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মস্কোত এক প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত আছিল বেলাৰুছৰ ৰাষ্ট্ৰপতি ৷ সম্পূৰ্ণ সামৰিক সন্মানেৰে মস্কোত উন্মোচন কৰা হয় এই প্ৰতিমূৰ্তিটো ৷

মস্কোৰ পৰা 200 কিলোমিটাৰ দুৰত্বত থকা ৰেজ অঞ্চলৰ খৰোছেভোত শিহৰণপূৰ্ণ এক সামৰিক পৰিৱেশৰ মাজত পুটিন আৰু বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকোই প্ৰতিমূৰ্তিটো উন্মোচন কৰে ৷ প্ৰতিমূৰ্তিটোত এগৰাকী সৈনিকক প্ৰতিনিধিত্ব কৰা হৈছে ৷

1942-43ৰ মাজত নাজি প্ৰতিৰক্ষা বাহিনীৰ সৈতে ৰেড আৰ্মিয়ে সমৰত লিপ্ত হৈছিল আৰু ইয়াক ৰেজ যুদ্ধ বুলি জনা গৈছিল ৷ এই যুদ্ধত সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছিল ছোভিয়েট বাহিনীয়ে ৷ এবছৰৰ ভিতৰত এই যুদ্ধত 1.3 মিলিয়ন ৰেড আৰ্মি নিহত হোৱাৰ লগতে আহত আৰু সন্ধানহীন হৈছিল ৷ ইতিহাসত 'the Rzhev meat grinder' বুলি জনাজাত এই যুদ্ধৰ বিষয়ে ছোভিয়েট বাহিনীয়ে অধিক উল্লেখ কৰা নাছিল আৰু ৰাছিয়াৰ ইতিহাসবিদসকলেও ইয়াক এৰাই চলিছিল কিয়নো এই যুদ্ধত ৰেড আৰ্মিৰ সৰ্বাধিকসংখ্যক হানি হৈছিল ৷

প্ৰতিমূৰ্তিটো উন্মোচন কৰি পুটিনে কয় যে, নাজিবাদৰ পৰা ইউৰোপ আৰু পৃথিৱীক ৰক্ষা কৰা সৈনিকৰ স্মৃতিত নিৰ্মাণ কৰা এইটো প্ৰতিমূৰ্তিয়ে সেইসকল সৈনিকক সদায় সজীৱ কৰি ৰাখিব, যিয়ে যুদ্ধত প্ৰাণ হেৰুৱাইছিল ৷ পুটিনে লগতে কয় যে, নাজি জাৰ্মানীৰ পৰা লাভ কৰা বিজয়ক লৈ চলোৱা মিথ্যাচাৰ ৰাছিয়াই কেতিয়াই সহ্য নকৰে ৷

উল্লেখ্য যে, ৰাছিয়াৰ সংবিধান সংশোধনী বিধেয়কৰ ওপৰত হ'বলগীয়া ভোটৰ এদিন পূৰ্বে পুটিনে প্ৰতিমূৰ্তিটো উন্মোচন কৰে ৷ যদিহে এই বিধেয়ক গৃহীত হয় তেতিয়াহ'লে পুটিন আগন্তুক 2036 চনলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব ৷

দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিকৰ স্মৃতিত পুটিনে উন্মোচন কৰা প্ৰতিমূৰ্তিটো

বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকো যিয়ে, আগষ্ট মাহত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু নিজ দেশত ইতিমধ্যে বিৰোধী দলৰ পৰা তীব্ৰ প্ৰত্যাহ্বান পাইছে, এই কাৰ্যসূচীত উপস্থিত থাকি কয় যে, ইয়াৰ ফলত ৰাছিয়া আৰু বেলাৰুছৰ সম্পৰ্ক অধিক গাঢ় হ'ব ৷ তেওঁ লগতে কয় যে, মিন্স্ক সদায়ে মস্কোৰ সৈতে আছে আৰু নাজিবাদত উৎখাত কৰাত সদায়ে ৰাছিয়াক সমৰ্থন কৰি আহিছে ৷

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট সংঘৰ 27 মিলিয়ন লোক মৃত্যুমুখত পৰিছিল ৷ শেহতীয়াকৈ দেশখনে 24 জুনত দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত অনুষ্ঠিত বিজয় দিৱস উদযাপন কৰে ৷ ৰাছিয়াই দৰাচলতে 9 মে'ত বিজয় দিৱস উদযাপন কৰে যদিও এইবাৰ কোভিড-19 মহামাৰীৰ বাবেই 24 জুনত এই দিৱস পালন কৰে ৷ ৰাছিয়াৰ এইবাৰৰ বিজয় দিৱসত চীনকে ধৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়কঃ ৰাছিয়াৰ বিজয় দিৱসঃ কি এই বিজয় দিৱস আৰু 24 জুনৰ বিশেষত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.