ETV Bharat / international

ইটালীত কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ হাজাৰলৈ বৃদ্ধি - Italy's coronavirus deaths exceed 25,000

ইটালীক মৃত্যুৰ উপত্যকাত পৰিণত কৰিছে চীনত উদ্ভৱ হোৱা কৰ'ণা ভাইৰাছ তথা COVID-১৯ মহামাৰীয়ে । দেশত খনত বৰ্তমানলৈকে মৃতকৰ সংখ্যা বৃদ্ধি পাই হৈছে ২৫ হাজাৰতকৈ অধিক ।

Italy's coronavirus deaths exceed 25,000
Italy's coronavirus deaths exceed 25,000Italy's coronavirus deaths exceed 25,000
author img

By

Published : Apr 23, 2020, 12:46 PM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ ক্ৰমাৎ ভয়ানক পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে ইটালী । কৰ'ণা ভাইৰাছত দেশখনত বৰ্তমানলৈকে মৃত্যুমুখত পৰিছে ২৫ হাজাৰতকৈ অধিক লোক । আনহাতে আক্ৰান্তৰ সংখ্য়া হৈছে প্ৰায় ১,৮৭,৩২৭ গৰাকী । শেহতীয়াকৈ এই তথ্য় প্ৰকাশ কৰিছে দেশখনৰ চিভিল প্ৰ'টেকশ্যন ডিপাৰ্টমেণ্টে ।

বুধবাৰে ৰাষ্ট্ৰখনত নতুনকৈ ৪৩৭ জন লোকৰ মৃত্যু হোৱাৰ লগে-লগে মৃত্যু হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি হৈ ২৫,০৮৫ জন হৈছেগৈ । যোৱা ২১ ফেব্ৰুৱাৰীত দেশখনত প্ৰথমটো COVID-১৯ মহামাৰীৰ ঘটনা পোহৰলৈ আহিছিল ।

অৱশ্যে সুখবৰ এইয়ে যে,বুধবাৰে অতিৰিক্ত ২,৯৪৩ গৰাকী ৰোগীক আৰোগ্য হোৱাৰ কথা পঞ্জীকৃত কৰা হৈছে । ইমান সংখ্যক আক্ৰান্ত ৰোগী এদিনত সুস্থ হৈ উঠিবলৈ সক্ষম হোৱা এইটো সৰ্বোচ্চ অভিলেখ । বৰ্তমানলৈকে মুঠ ৫৪,৫৪৩ গৰাকী লোক ইটালীত সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ।

দেশখনত এতিয়াও ১,০৭,৬৯৯ টা COVID-১৯ৰ ঘটনা সক্ৰিয় হৈ আছে । অৱশ্যে আক্ৰান্তৰ ২৩৮৪ গৰাকীক ইনটেচিভ কেয়াৰত ৰখা হৈছে । যিটো মঙলবাৰৰ তুলনাত ৮৭ গৰাকী হ্ৰাস পাইছিল বুধবাৰে । আনহাতে ২৩,৮০৫ জনক সাধাৰণ ৱাৰ্ডত ৰখা হৈছে । বুধবাৰে ৩২৯ জনলৈ হ্ৰাস পাইছিল । বাকী ৭৫.৭ শতাংশ লোকক ঘৰতে আইচ'লেশ্যনত ৰখা হৈছে ।

আনহাতে বৰ্তমানলৈকে ইটালীত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্য়ুমুখত পৰা চিকিৎসকৰ সংখ্যা হৈছে ১৪৪ জন । বিগত ২৪ ঘণ্টাত ২ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে । FNOMCeO তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে । ইটালীয়ান কেবিনেটৰ সৈতে পৰৱৰ্তী পৰিকল্পনা সন্দৰ্ভত বুধবাৰে আলোচনাত মিলিত হৈছিল লুচিয়ানা লাম'ৰগেছি ।

ইটালীত যোৱা ১০ মাৰ্চৰ পৰা সমগ্ৰ দেশতে লক্ ডাউন ঘোষণা কৰা হৈছিল । তাৰ পাচত পুনৰ ৩ মে' লৈ লক্ ডাউনৰ সময়সীমা বৃদ্ধি কৰা হয় ইটালীত ।

মুম্বাইত নমোৱা হ'ব আৱদ্ধ ১৪৬ গৰাকী ভাৰতীয় জাহাজ কৰ্মীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.