ETV Bharat / international

Russia Ukraine crisis: কি হ’ব ভাৰতৰ স্থিতি ?

সমগ্ৰ বিশ্বই এতিয়া আশংকা কৰিছে তৃতীয় বিশ্বযুদ্ধ সদৃশ এক পৰিস্থিতিৰ ৷ শেহতীয়াকৈ, ৰাছিয়াই ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্কৰ দুটা বিদ্ৰোহী অধিকৃত অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি নিজ সেনাক প্ৰেৰণ কৰিছে অঞ্চলকেইটাত (Russian invasion on Ukraine ) ৷ এতিয়া বহু দেশেই নিজ নিজ স্থিতি ব্যক্ত কৰিছে এই সংঘাতক লৈ এনে পৰিস্থিতিত ভাৰতৰ স্থিতি কি হ’ব বুলিও উত্থাপিত হৈছে প্ৰশ্ন ৷ সবিশেষ জানো আহক ৷

India seeks peaceful resolution of Russia Ukraine crisis
Russia Ukraine crisis: কি হ’ব ভাৰতৰ স্থিতি ?
author img

By

Published : Feb 24, 2022, 12:18 PM IST

ইন্টাৰনেছনেল ডেস্ক, 24 ফেব্ৰুৱাৰী : ৰাছিয়াই ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্কৰ দুটা বিদ্ৰোহী অধিকৃত অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি দি পৰৱৰ্তী সময়ত ৰাছিয়াৰ সৈন্যসকলক শান্তিৰক্ষী হিচাপে অঞ্চলকেইটাত প্ৰেৰণ কৰিছে (Russian invasion on Ukraine ) ৷ ইয়াৰ পিছতে এতিয়া সমগ্ৰ বিশ্বই এখন বৃহৎ যুদ্ধৰ আশংকা কৰিছে (Russia Ukraine crisis ) ৷ এই যুদ্ধক লৈ বিশ্বৰ শক্তিশালী দেশ সমূহে নিজৰ স্থিতি ব্যক্ত কৰাৰ সময়তে এতিয়া ভাৰতৰ স্থিতি কি হ’ব তাকেলৈয়ো আলোচনাৰ উদ্ভৱ হৈছে বিশ্ব ৰাজনীতিত (India on Russia-Ukraine hostility ) ৷

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে ইউএনএছচিৰ এক বৈঠকত এই সন্দৰ্ভত বক্তৃতা আগবঢ়ায় কয়, " আমি আহ্বান জনাইছো যে, এই সংঘাত শান্তিৰে সমাধান কৰিব পৰা যাব ৷ যদিহে,যুদ্ধৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰা নহয় পৰিস্থিতি অধিক বেয়ালৈ গতি কৰিব ৷ ফলত ই সকলোৰে বাবে ডাঙৰ সংকট কঢ়িয়াই আনিব ৷ ই নিৰাপত্তাৰ দিশটোতৰ অধিক অৱনতি ঘটাব । গতিকে সকলো পক্ষৰে নিৰাপত্তাৰ দিশটো বিবেচনা কৰা উচিত"।

উল্লেখ্য যে, এই যুদ্ধকলৈ ভাৰতৰ উদ্বেগ বৃদ্ধিৰ প্ৰাৰম্ভিক কাৰণ হ’ল ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষা ৷ এই সন্দৰ্ভত বক্তব্য ৰাখি তিৰুমূৰ্তিয়ে কয়, " ইউক্ৰেইনত ২০,০০০ তকৈও অধিক ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে, পৰিস্থতিৰ প্ৰতি লক্ষ্য ৰাখি আমি শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনাত সহায় কৰি আছো "।

মন কৰিবলগীয়া যে, ভাৰতে এই যুদ্ধত এতিয়ালৈকে কোনো এটা পক্ষৰে পক্ষ ল'বলৈ অস্বীকাৰ কৰিছে আৰু কোনো স্পষ্ট বিবৃতি দিয়া নাই ৷ ইয়াৰ সলনি ভাৰতে বিবাদ সমাধানৰ একমাত্ৰ উপায় হিচাপে শান্তিপূৰ্ণ কূটনৈতিক আলোচনা আৰু সংশ্লিষ্ট সকলো পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থবিবেচনাৰ দিশটোৰ পোষকতা কৰিছে । উল্লেখযোগ্য যে, ভাৰত আৰু ৰাছিয়া সম্পৰ্ক পুৰণি ৷ দুয়োদেশ বিভিন্ন সামৰিক আৰু ব্যৱসায়িক দিশত এক সম্পৰ্কত বান্ধ খাই আছে ৷ ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰ এই সময়চোৱাত ইউক্ৰেইনৰ পক্ষত থিয় দিছে৷ ভাৰত-আমেৰিকাৰ সু-সম্পৰ্ক সৰ্বজন বিদিত গতিকে এনে পৰিস্থিতিত ভাৰতে দুয়োকুলৰ মাজত এটা পক্ষ লোৱাটো হৈ পৰিব বিপদজনক ৷ গতিকে স্বাভাৱিকভাৱেই দুই দেশৰ যুদ্ধ সদৃশ পৰিস্থিতিত ভাৰতে এতিয়া শান্তিৰ পক্ষে থিয় দিছে ৷

লগতে পঢ়ক : তৃতীয় বিশ্ব যুদ্ধৰ উক-মুকনি : ইউৰোপত সৰ্ববৃহৎ যুদ্ধখনৰ পৰিকল্পনা কৰিছে নেকি ৰাছিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.