ETV Bharat / international

বিশ্বত কভিড-19ৰ শেহতীয়া তথ্য

author img

By

Published : Apr 28, 2020, 12:32 PM IST

কৰ‘ণা ভাইৰাছত এতিয়ালৈকে বিশ্বৰ 30,64,830 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 2,11,609 গৰাকী লোক এই ভাইৰাছৰ কবলত পৰি মৃত্যুমুখত পৰিছে ৷ তদুপৰি সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্ত 9,22,397 গৰাকী লোক আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

global-covid-19-trackers
বিশ্বত কভিড-19 ৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 28 এপ্ৰিল : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ‘ণা মহামাৰীত বৰ্তমানলৈকে বিশ্বৰ 30,64,830 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 2,11,609 গৰাকী লোক এই ভাইৰাছৰ কবলত পৰি মৃত্যুমুখত পৰিছে ৷ তদুপৰি সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্ত 9,22,397 গৰাকী লোক আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ চীনত 1000 গৰাকী লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ কোনো লক্ষণে দেখা নিদিয়াকৈয়ে ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ এই কথা চীনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ৷

global-covid-19-trackers
বিশ্বত কভিড-19 ৰ শেহতীয়া তথ্য

ইউৰোপীয়ান দেশ সমূহৰ ভিতৰত ইটালী,স্পেইন আৰু ফ্ৰান্সৰ পাছত ব্ৰিটেইন কৰ‘ণাত আক্ৰান্তৰ মৃত্যুৰ সংখা 20,000 হাজাৰ পাৰ কৰা চতুৰ্থখন দেশ ৷ অন্যহাতে আমেৰিকা যুক্ত ৰাষ্ট্ৰত কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 50 হাজাৰ অতিক্ৰম কৰিছে ৷

এই ভাইৰাছ কাঁহ আৰু হাঁচিওৱাৰ জৰিয়তে দ্ৰুত গতিত সংক্ৰমণ হয় ৷

অধিকাংশ লোকৰ ক্ষেত্ৰত কৰ‘ণা ভাইৰাছৰ মধ্যম লক্ষণ সমূহ দুই বা তিনি সপ্তাহৰ ভিতৰত স্পষ্ট হৈ পৰে ৷ অন্য একাংশ লোক,বিশেষকৈ বয়সস্থ তথা স্বাস্থ্য জনিত সমস্যা থকা লোকৰ ক্ষেত্ৰত এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ সমূহ যেনে নিমোনিয়া,জ্বৰ আদিয়ে কম সময়ৰ ভিতৰত ধৰা দিয়ে তথা স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যুও হোৱাৰ সম্ভাৱনা থাকে ৷ অৱশ্যে এই ভাইৰাছত আক্ৰান্ত অধিকাংশ লোকেই এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰে ৷

লগতে পঢ়ক : ৰেষ্টুৰেন্টত মেন্যু স্পৰ্শ নকৰাকৈয়ে অৰ্ডাৰৰ ব্যৱস্থা Paytm ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.